নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা মাখি… যাৰ বাবে এখন গাঁৱৰ সকলো মানুহ আৰু জীৱ-জন্তু হৈছে অন্ধ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ এখন গাঁও। মেক্সিকোৰ এই গাঁওখনৰ এটা অদ্ভুত খবৰে হতভম্ব কৰি তোলে বিশ্ববাসীক। সেয়া হ’ল এই গাঁওখনৰ প্ৰায় সকলো লোকেই দৃষ্টিহীন। জন্মতে সম্পূৰ্ণ সুস্থ এগৰাকী মানুহ জন্মৰ এদশকৰ ভিতৰতে হৈ পৰে অন্ধ। সেয়ে গাঁওখনক অন্ধ গাঁও বুলিও জনা যায়।

অকল মানুহেই নহয় গাঁওখনৰ পোহনীয়া জীৱ-জন্তুও হয় দৃষ্টিহীন। যদি আপুনিও এই গাঁও ভ্ৰমণ কৰে তেন্তে আচৰিতভাৱে হৈ যাব পাৰে অন্ধ। ছোতিনেক জাপোটেক জাতিৰ লোকৰ বসতি থকা গাঁওখনৰ নাম টিলটেপেক। মেক্সিকোৰ এই গাঁওখনৰ জনসংখ্যা প্ৰায় ৩০০ আৰু পৰিয়াল আছে প্ৰায় ৭০টা। অৰণ্যৰে পৰিৱেষ্টিত মেক্সিকোৰ টিলটেপেক নামৰ গাঁওখনৰ লোক তথা জীৱ-জন্তু দৃষ্টিহীন হৈ পৰাৰ কাৰণ হিচাপে গাঁওবাসীয়ে গাঁওখনত থকা লাবজুৱেলা নামৰ প্ৰজাতিৰ গছক দোষাৰোপ কৰে।

তেওঁলোকৰ মতে এই গছজোপালৈ চালে কি মানুহ কি জীৱ-জন্তু, হৈ পৰে অন্ধ। কিন্তু স্থানীয় প্ৰশাসনে এই বিষয়ে আৰম্ভ কৰে বৈজ্ঞানিক অনুসন্ধান। অনুসন্ধানত ওলাই পৰে যে গাঁৱৰ মানুহে ভবাৰ দৰে ইয়াৰ বাবে দায়ী লাবজুৱেলা গছ নহয়, বৰঞ্চ ব্লেক ফাই নামৰ এবিধ বিষাক্ত মাখি।

গাঁওখনত প্ৰচুৰ পৰিমাণে থকা ব্লেক ফ্লাই নামৰ মাখিয়ে কামোৰাৰ বাবে গাঁওখনৰ লোকসকল ক্ৰমান্বয়ে গতি কৰে অন্ধত্বৰ ফালে। প্ৰশাসনে গাঁওবাসীক স্থানান্তৰ কৰাৰ বাবে চেষ্টা চলাই যদিও ব্যৰ্থ হয়। জনজাতিসুলভ সংস্কাৰ আৰু পৰম্পৰাবাদী চিন্তাৰ বশৱৰ্তী গাঁওবাসীৰ মতে অতি কমসংখ্যক দৃষ্টিশক্তিসম্পন্ন লোকৰ সহায়ত তেওঁলোকে টিলটেপেক গাঁওতেই জীৱন অতিবাহিত কৰিব।

You might also like