নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সর্বকালৰ অভিলেখ : ১ ডলাৰৰ বিপৰীতে টকা হ’লগৈ ৯৫.২০

ডিজিটেল ডেস্ক, ৩১ মার্চ : মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱত মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ক্রমাগতভাৱে হ্রাস পাইছে৷ যোৱা শুকুৰবাৰে ১ মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য আছিল ৯৪.৬৬ টকা৷ এইবাৰ ৯৫ টকাৰো অধিক হ’লগৈ এই মূল্য৷

সর্বকালৰ অভিলেখ সৃষ্টি কৰি এইবাৰ টকাৰ মূল্য হ’ল ৯৫.২০ টকা৷ ইয়াৰ ফলত নতুনকৈ ডলাৰৰ নিৰিখত ০.৩ শতাংশ পতন হ’ল টকাৰ মূল্য৷ ধাৰাবাহিকভাৱে ভাৰতীয় মুদ্রাৰ পতনৰ এই প্রৱণতা ৰোধ কৰিবলৈ সম্প্রতি একাধিক পদক্ষেপ গ্রহণ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ তাৰ ভিতৰত অন্যতম আছিল বেংকসমূহত বিদেশী মুদ্রাৰ লেনদেনত নিয়ন্ত্রণ অনা৷ এই পদক্ষেপে বিশেষ সুফল যে দিয়া নাই তাক মুদ্রাৰ মূল্যৰ পতনৰ এই ধাৰাবাহিকতাতে স্পষ্ট হৈছে৷

যুদ্ধৰ প্রভাৱত ইন্ধন-তেলৰ দাম বৃদ্ধি পোৱাৰ ফলত তাৰ প্রভাৱ পৰিছে সমগ্র বিশ্বৰ অর্থনীতিত৷ একেৰাহে শ্বেয়াৰ বজাৰত পতন হৈছে ছেনছেক্স আৰু নিফটিত। বিপর্যয়ৰ কথা ভাবি বজাৰৰ পৰা ধন তুলি নিছে বিদেশী বিনিয়োগকাৰীসকলে৷ এইবোৰৰ ফলতে টকাৰ মূল্যত পতন ঘটিছে৷

উল্লেখযোগ্য যে যোৱা ২৮ ফেব্রুৱাৰীত ইৰানৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া বাহিনীয়ে আক্রমণ চলোৱাৰ পাছত দুয়োপক্ষৰ মাজত চলি থকা আক্রমণ–প্রত্যাক্রমণৰ ফলত সমগ্র পশ্চিম এছিয়াত অস্থিৰতাৰ সৃষ্টি হৈছে৷ বিশেষকৈ ইন্ধনৰ ওপৰত ইয়াৰ প্রভাৱ বেয়াকৈ পৰিছে৷ এই পৰিস্থিতিৰ প্রভাৱ পৰিছে অর্থনীতিৰ ওপৰত৷ স্খলন ঘটিছে টকাৰ মূল্যৰ৷

You might also like