নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্দিৰত অঘটন : বিহাৰত পদপিষ্ট হৈ কমেও ৮জন লোকৰ মৃত্যু, আহত বহুতো

ডিজিটেল ডেস্ক, ৩১ মাৰ্চ : বিহাৰৰ নালন্দা জিলাত মঙলবাৰে এটা মন্দিৰত সংঘটিত হয় এক শোকাৱহ ঘটনা। নালন্দাস্থিত এটা মন্দিৰত মঙলবাৰে পুৱা সংঘটিত কৰুণ ঘটনাটোত ৮গৰাকী মহিলা ভক্তৰ মৃত্যু হয়। এই ঘটনাত প্ৰায় ১২গৰাকীৰো অধিক লোক আহত হৈছে।

জানিব পৰা মতে, স্থানীয় শীতলা মন্দিৰত পূজা আগবঢ়াবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনা ঘটে। মৃত আৰু আঘাতপ্ৰাপ্ত সকলোকেইগৰাকী মহিলা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে প্ৰতি মঙলবাৰে নালন্দাৰ এই শীতলা মন্দিৰত বহুত ভক্তই পূজা দিবলৈ আহে। চ’ত মাহৰ অন্তিম মঙলবাৰ হোৱা বাবে আজিও মন্দিৰটোত অত্যধিক ভিৰ হৈছিল। ভিৰ অধিক হোৱাৰ বাবে অলপ সময়ৰ ভিতৰতে বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। পূজা দিবলৈ অহা মহিলাসকলে দৌৰাদৌৰি আৰম্ভ কৰে। এই অৱস্থাত সৰু গলিৰে ততাতৈয়াকৈ ওলাই যাওঁতে বহুতে মাটিত পৰি যায়। ফলত পদপিষ্ট হৈ ৮গৰাকী লোকৰ মৃত্যু হয় আৰু কমেও ১২জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

খবৰ পাই আৰক্ষীয়ে তৎকালে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইফালে ঘটনাস্থলীত জৰুৰীকালীন এম্বুলেন্স সেৱা উপস্থিত হৈ আহতসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

স্থানীয় লোকে জনোৱা মতে, বিপুলসংখ্যক মানুহৰ সমাগম হ’লেও মন্দিৰ চৌহদত পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নাছিল। মঙলবাৰে আন দিনতকৈ অধিক ভিৰ হয় যদিও উপস্থিত থকা কিছুসংখ্যক নিৰাপত্তাৰক্ষীৰ পক্ষে এই ভিৰ নিয়ন্ত্ৰণ কৰা সম্ভৱ হোৱা নাছিল। ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।

You might also like