নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ নিৰ্বাচনী প্ৰচাৰ

মোদীৰ ৩৫ বাৰ অসম ভ্ৰমণ সন্দৰ্ভত ফাড়নভিছে দাবী কৰে যে মোদীয়ে এতিয়ালৈকে যিমান বাৰ অসম ভ্ৰমণ কৰিছে, যি কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ চৰকাৰে কেতিয়াও কৰা নাছিল।

অসম বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ  চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ।ৰাজ্য খনত বিজেপিৰ এজনৰ পিছত আন  দেশৰ হাই প্ৰফাইল নেতাই বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই দলটোত কৰ্মী সকলক উৎসাহ দিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ  দলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান  স্তিমিত হৈছে বুলি কোৱা হৈছে। যোৰহাটতো বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নভিছ।

যোৰহাট নগৰৰ মাজ মজিয়াৰ ট্ৰাক ষ্টেণ্ডত আয়োজিত বিশাল জনসভাত ৰাইজক সম্বোধি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমত পুনৰ বাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতাতে  চৰকাৰ গঠন কৰিব এইটো নিশ্চিত। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে বিগত  দহ বছৰত উল্লেখযোগ্য উন্নয়ন সাধন কৰিছে।

তেওঁ আৰু কয় যে অসমবাসীয়ে উন্নয়ন চায় আৰু বিজেপিয়ে সেই কাম কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে। সেয়ে অসমৰ জনতাই পুনৰ এবাৰ  বিজেপিৰ বাবে দৃঢ় জনমত প্ৰদান কৰিব বুলি তেওঁ মন্তব্য কৰে।

কংগ্ৰেছক লক্ষ্য কৰি কঠোৰ সমালোচনাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ ঘোষণাপত্ৰক অবিশ্বাস্য বুলি আখ্যা দি তেওঁ  অভিযোগ কৰে যে কংগ্ৰেছ অন্য ৰাজ্যসমূহতো নিজৰ প্ৰতিশ্রুতি পালন কৰাত ব্যৰ্থ হৈছে।

তেওঁ কয়—কংগ্ৰেছ প্ৰতিশ্ৰুতিৰ ৰাজনীতি কৰে, কিন্তু বিজেপিয়ে কাম কৰি দেখুৱাই। এ ফৰ আসাম এয়া এতিয়া বাস্তৱ হৈ পৰিছে। মোডীৰ এ ফৰ আসাম  কথাটিও উল্লেখ কৰি তেওঁ কয় যে, যি অসম অতীতত উপেক্ষিত হৈছিল, বিজেপি শাসনকালৰ দহ বছৰত সেই অসমে উন্নয়নৰ নব দিশ লাভ কৰিছে। মোদীৰ ৩৫ বাৰ অসম ভ্ৰমণ সন্দৰ্ভত ফাড়নভিছে দাবী কৰে যে মোদীয়ে এতিয়ালৈকে যিমান বাৰ অসম ভ্ৰমণ কৰিছে, যি কংগ্ৰেছ নেতৃত্বাধীন পূৰ্বৰ চৰকাৰে কেতিয়াও কৰা নাছিল।

গৌৰৱ গগৈক সমালোচনা কৰি কয় সাংসদ হোৱাৰ পিছত তেওঁ কেইবাৰ যোৰহাটলৈ  আহিছে বুলি প্ৰশ্ন কৰে? যোৰহাট  সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীক জনগণৰ আশীৰ্বাদত  তেওঁ পুনৰ বিধানসভালৈ নিৰ্বাচিত হব বুলি কয়। তেওঁ কংগ্ৰেছক স্বার্থপৰ ৰাজনীতি কৰাৰ অভিযোগও উত্থাপন কৰি দেশ এতিয়া  একতাবদ্ধ হোৱাৰ সময় বুলি উল্লেখ কৰে।

বিশ্ব পৰিস্থিতি সন্দৰ্ভত উল্লেখ কৰি তেওঁ  কয়—এতিয়া বিশ্বজুৰি অস্থিৰতা বৃদ্ধি পাইছে। এনে সময়ত দেশৰ সকলো ৰাজনৈতিক দলেই ৰাষ্ট্ৰহিতত একতাবদ্ধ হোৱাটো প্রয়োজন বুলি উল্লেখ কৰে। যোৰহাটৰ এই জন সভাই  বিজেপিৰ নিৰ্বাচনী প্রচাৰত নতুন বল প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

অনুষ্ঠানটোত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে বিগত দিনত যোৰহাটত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰি পুনৰ উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ স্বাৰ্থত পুনৰ তেওঁক যোৰহাটৰ ৰাইজে সমৰ্থন আগবঢ়াব। তেওঁ আগন্তুক দিনত যোৰহাটৰ উন্নয়নৰ  বাবে গ্ৰহণ কৰিব লগা   পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰে।

অনুষ্ঠানত উপস্থিত থাকি যোৰহাট প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ কংগ্ৰেছ এৰি বিজেপিলৈ গমন কৰে বুলি উল্লেখ কৰি  কংগ্ৰেছ এতিয়া পূৰ্বৰ কংগ্ৰেছ হৈ থকা নাই বুলি কয়। সাংসদ বিজয় কৃষ্ণ সন্দিকৈ,তৰুণ গগৈ আৰু ভূমিধৰ বৰ্মনৰ দিনৰ কংগ্ৰেছ যি নীতি আদৰ্শ আছিল আজিৰ দিনত নাই বুলি উল্লেখ কৰি ৰাণা গোস্বামীয়ে ৰাহুল গান্ধী য’তেই যাব তাতেই হাৰিব বুলি কয়।

যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। নিৰ্বাচনী প্ৰচাৰ সভা খনত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, যুব নেতা সিদ্ধকু অংকুৰ বৰুৱা প্ৰমুখ্যে ভালে কেইগৰাকী বিজেপি নেতা কৰ্মী উপস্থিত আছিল।

বিশেষ বাৰ্তা, যোৰহাট, ৩১ মাৰ্চ

You might also like