বনৰীয়া কাঠফুলা নাখাবলৈ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ আহ্বান
বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়
চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ দণ্ডেশ্বৰ দেউৰীয়ে জিলাবাসীলৈ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সম্পৰ্কীয় বাৰ্তা প্ৰদান কৰে। তেওঁ বৰষুণৰ এই দিনবোৰত আমাৰ চৌপাশে, বিশেষকৈ চাহ বাগান বা হাবি-বননিত বহুতো বনৰীয়া কাঠফুলা গজি উঠা দেখা যায়।
এই বনৰীয়া কাঠফুলা সমূহ ভক্ষণ নকৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ মুৰব্বী গৰাকীয়ে আহ্বান জনাইছে। তেওঁ উল্লেখ কৰে যে বনৰীয়া কাঠফুলা খোৱাৰ বাবে উপযোগী হয় নে নহয় তাক নিৰ্ধাৰণ কৰাৰ কোনো পদ্ধতি নাই।
গতিকে সকলো বনৰীয়া কাঠফুলা বিষাক্ত বুলি ধৰি ল’ব পাৰি। এই বিষাক্ত কাঠফুলা ভক্ষণ কৰিলে লিভাৰ আৰু কিডনী সম্পূৰ্ণৰূপে বিকল কৰি দিব পাৰে, যাৰ পৰিণতি ভক্ষণকাৰীৰ মৃত্যু হয়।
যদি এনে কাঠফুলা খোৱাৰ পাছত কাৰোবাৰ পেটৰ বিষ, বমি, জ্বৰ, দুৰ্বলতা বা মূৰ ঘূৰোৱাৰ দৰে লক্ষণ দেখা দিয়ে, তেন্তে ৰোগীক লগে লগে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যাবলৈ আহ্বান জনায়।
উল্লেখ্য যে বিষাক্ত কাঠফুলা খোৱাৰ ২৪ ঘণ্টাৰ পাছতো বাহ্যিকভাৱে সুস্থ অনুভৱ কৰিব পাৰে, কিন্তু ভিতৰি লিভাৰ ধ্বংস কৰি থাকিব পাৰে। সেয়েহে লক্ষণ সামান্য হ’লেও চিকিৎসালয়লৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ জিলাবাসীক বনৰীয়া কাঠফুলা ভক্ষণৰ পৰা বিৰত থকাৰ লগতে সজাগ সচেতন হৈ থাকিবলৈ আহ্বান জনায়।
বিশেষ বাৰ্তা, সোণাৰি, ৩১ মাৰ্চ