নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিত নিৰ্বাচনী যুজঁখন উত্তপ্ত হৈ পৰিছে। সমষ্টিটোৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যৰ তথা অজাপ প্ৰাৰ্থী ৰাজেন গোহাঁইৰ বিৰুদ্ধে একাংশ ভোটাৰ তথা ৰ আন ৰাজনৈতিক দলৰ কৰ্মী ক্ষোভিত হোৱা পৰিলক্ষিত হৈছে।
আজি সমষ্টিটোৰ অন্তৰ্গত দক্ষিণ ননৈ অঞ্চলত প্ৰচাৰ চলাবলৈ যোৱাৰ সময়ত একাংশ বিজেপি সমৰ্থকে বাধা প্ৰদান কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত কৰি তোলে। বিজেপিৰ সমৰ্থকসকলে ৰাজেন গোহাঁই গ’ বেক, নাৰী কেলেংকাৰিত জড়িত ৰাজেন গোহাঁইৰ লাজ নাই আদি বিভিন্ন ধ্বনি দিয়া পৰিলক্ষিত হয়।
পৰিস্থিতি বিষম যেন দেখি ৰাজেন গোহাঁইয়ে সেই স্থান ত্যাগ কৰে একাংশ বিজেপি কৰ্মীয়ে অভিযোগ কৰা মতে আমাৰ এই অঞ্চলৰ পৰা ভোট লৈ চাৰিবাৰ সাংসদ হোৱা ৰাজেন গোহাঁইয়ে ননৈ অঞ্চলত উন্নয়নৰ একো কাম নকৰিলে।
এতিয়া বিজেপি ত্যাগ কৰি কংগ্ৰেছৰ সমৰ্থনত অজাপৰ হৈ বঢ়মপুৰত নিৰ্বাচন খেলিব আহিছে। আমাৰ এই অঞ্চলৰ লোকে ৰাজেন গোহাঁইক সমৰ্থন নকৰে। এই অঞ্চলত কোনো লোকৰ ঘৰত ৰাজেন গোহাঁইক প্ৰৱেশ কৰিবলৈ নিদিয়ে বুলি তেওঁলোকে মন্তব্য কৰে।
উল্লেখ যে দুদিনৰ পুৰ্বে সমষ্টিটোৰ খাটোৱাল অঞ্চলত একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অজাপৰ প্ৰাৰ্থী গৰাকী।
বিশেষ বাৰ্তা, নগাঁও, ৩১ মাৰ্চ