১২ চকীয়া ট্ৰাকে মহটিয়ালে ৬০ ঊৰ্ধ্ব মহিলাক, থিতাতে প্ৰাণহানি
অতি ব্যস্ত চহৰখনত জনস্বাৰ্থৰ খাতিৰত বৰপেটাৰোড পৌৰ সভাই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ দহ চকীয়া বাহনকে সহ আন গধুৰ যান বাহনৰ প্ৰৱেশ নিষিদ্ধ ৰাখিছিল
বৰপেটাৰোডত ১২ চকীয়া ট্ৰাকৰ তলত পৰি এগৰাকী ৬০ উৰ্দ্ধৰ মহিলাই থিতাতে জীৱন হেৰুৱাবলগীয়া হোৱা মৰ্মান্তিক ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। চহৰখনৰ ষ্টেছন ৰোডত আজি দুপৰীয়া মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
জানিব পৰা মতে ঠাইখিনিত খুজি মাগি খোৱা মহিলা গৰাকীক মহতিয়াই নিয়ে AS 09 AC 1933 নম্বৰৰ ১২ চকীয়া ট্ৰাকখনে আৰু ঘটনা সংঘটিত কৰিয়েই ট্ৰাক চালকে পলায়ন কৰে।
ঘটনাস্থলীত বৰপেটাৰোড আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষী থানালৈ নিয়ে। উল্লেখ্য যে অতি ব্যস্ত চহৰখনত জনস্বাৰ্থৰ খাতিৰত বৰপেটাৰোড পৌৰ সভাই পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ দহ চকীয়া বাহনকে সহ আন গধুৰ যান বাহনৰ প্ৰৱেশ নিষিদ্ধ ৰাখিছিল।
কিন্তু অতি পৰিতাপৰ বিষয় যে পৌৰসভাই গধুৰ যান বাহন চলাচল নিষিদ্ধ কৰাৰ পিছতো কেনেদৰে চহৰখনৰ ব্যস্ত বজাৰ এলেকাতো শ শ গধুৰ যান বাহন প্ৰৱেশ কৰি আহিছে সেই লৈ প্ৰশ্ন তুলি পৌৰ কতৃপক্ষ-প্ৰশাসনৰ ওপৰত ক্ষোভ ব্যক্ত কৰিছে।
উল্লেখ্য যে ঠাইখিনিত ইয়াৰ পূৰ্বেও সৰভোগৰ মহিলা এগৰাকী অনুৰূপভাৱে মৃত্যুমুখত পৰিছিল।
নিয়মীয়া বাৰ্তা, বৰপেটাৰোড, ৩১ মাৰ্চ