অগপত যোগদান গোলাঘাট জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষাৰ
ৰশ্মি কাকতিৰ দৰে এগৰাকী অভিজ্ঞ নেত্ৰীৰ আগমনে আমাৰ নিৰ্বাচনী যুঁজখনক অধিক মজবুত কৰিব। আমি সকলোৱে মিলি বোকাখাতৰ উন্নয়নৰ হকে কাম কৰি যাম
নিৰ্বাচনী গৰমৰ মাজতে বোকাখাতত বিৰোধী শিবিৰত এক বৃহৎ খহনীয়াৰ সৃষ্টি কৰি আজি কেইবাগৰাকীও প্ৰভাৱশালী নেতাই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ (অগপ) দলত যোগদান কৰে।
গোলাঘাট জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষা তথা কংগ্ৰেছ নেত্ৰী ৰশ্মি কাকতিৰ নেতৃত্বত হোৱা এই যোগদানে অগপৰ শক্তি দুগুণে বৃদ্ধি কৰা বুলি চৰ্চা চলিছে।
আজি আয়োজিত এক বিশেষ যোগদান কাৰ্যসূচীত অগপৰ সভাপতি তথা এন ডি এৰ প্ৰাৰ্থী অতুল বৰাই নতুন সদস্যসকলক দলীয় মাফলাৰ আৰু ফুলাম গামোচাৰে আদৰণি জনায়। কংগ্ৰেছৰ দৰে পুৰণি দল ত্যাগ কৰি অহা এইসকল অভিজ্ঞ নেতাক অগপৰ বৃহৎ পৰিয়ালটোলৈ স্বাগতম জনাই অতুল বৰাই আনন্দ প্ৰকাশ কৰে।
তেওঁ কয় যে এই যোগদানে দলটোক অধিক শক্তিশালী আৰু গতিশীল কৰি তুলিব। গোলাঘাট জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষা ৰশ্মি কাকতিৰ লগতে আন কেইবাগৰাকীও নিষ্ঠাবান কৰ্মীয়ে আজি আঞ্চলিকতাবাদৰ আদৰ্শ গ্ৰহণ কৰি শপত লয়। যোগদানৰ পাছতে ৰশ্মি কাকতিয়ে কয় যে অতুল বৰাৰ নেতৃত্বত হোৱা উন্নয়নৰ ধাৰাক সন্মান জনাই তেওঁলোকে অগপৰ হৈ কাম কৰাৰ সংকল্প লৈছে।
অতুল বৰাই নতুন সদস্যসকলক শুভেচ্ছা জনাই কয়, “ৰশ্মি কাকতিৰ দৰে এগৰাকী অভিজ্ঞ নেত্ৰীৰ আগমনে আমাৰ নিৰ্বাচনী যুঁজখনক অধিক মজবুত কৰিব। আমি সকলোৱে মিলি বোকাখাতৰ উন্নয়নৰ হকে কাম কৰি যাম।”
নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত জিলা পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষাগৰাকীৰ এই যোগদানে বোকাখাতত অগপৰ স্থিতি নিৰ্ভয় কৰি তুলিছে।
নিয়মীয়া বাৰ্তা, মহুৰামুখ, ৩১ মাৰ্চ