নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰিয়ংকা গান্ধী

নিশাটো মনোহাৰী ৰিজৰ্টত কটাই কাইলৈ পুৱাই হেলিকপ্টাৰৰ জৰিয়তে গোগামুখৰ সভাস্থলীলৈ ৰাওনা হ'ব মোদী। আনহাতে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ মনোহাৰী ৰিজৰ্টৰ সমীপত কটকটীয়া কৰি তুলিছে নিৰাপত্তাৰ ব্যৱস্থা

বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত আগমণ ঘটিছে হাইপ্ৰফাইল নেতা। নিৰ্বাচনীৰ গৰম বতাহে উত্তপ্ত কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি। ইয়াৰ মাজতে আজি ডিব্ৰুগড়ত উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ গোগামুখত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব।

দলীয় সূত্ৰে লাভ কৰা খবৰ অনুসৰি, আজি নিশা প্ৰায় ১১ বজাত ডিব্ৰুগড়ত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী। ডিব্ৰুগড় বিমানবন্দৰত বিশেষ বিমানেৰে উপস্থিত হৈ স্থলপথেৰে মনোহাৰী ৰিজৰ্টলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী।

নিশাটো মনোহাৰী ৰিজৰ্টত কটাই কাইলৈ পুৱাই হেলিকপ্টাৰৰ জৰিয়তে গোগামুখৰ সভাস্থলীলৈ ৰাওনা হ’ব মোদী। আনহাতে প্ৰধানমন্ত্ৰীৰ আগমণক লৈ মনোহাৰী ৰিজৰ্টৰ সমীপত কটকটীয়া কৰি তুলিছে নিৰাপত্তাৰ ব্যৱস্থা।

সমান্তৰালভাৱে কাইলৈ ডিব্ৰুগড়লৈ আহিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰিয়ংকা গান্ধীয়ে। বৰবৰুৱা পূজা ফিল্ডত কাইলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনীসভাত অংশগ্ৰহণ কৰিব প্ৰিয়ংকা গান্ধীয়ে।

জানিব পৰা মতে, কাইলৈ বিয়লি প্ৰায় ২ বজাত প্ৰিয়ংকা গান্ধী উপস্থিত হ’ব বৰবৰুৱা পূজা ফিল্ডত। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈ উপস্থিত হ’ব।

আনহাতে এই নিৰ্বাচনী সভাত প্ৰথমবাৰৰ বাবে একেখন মঞ্চত দেখা যাব ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলৰ তিনি গগৈক। উল্লেখযোগ্য যে, প্ৰিয়ংকা গান্ধীয়ে কাইলৈ কেইবাটাও নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। বিশেষকৈ নাজিৰা চাহ বাগিচা পূজা ফিল্ডত ১২.৩০ বজাত দেৱব্ৰত শইকীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব।

ইয়াৰ পাছতে টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ডিব্ৰুগড়ৰ বৰবৰুৱাত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকিব প্ৰিয়ংকা গান্ধী।

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৩১ মাৰ্চ

You might also like