নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ভোটদান আৰু প্রার্থী নির্বাচন

প্রতি পাঁচ বছৰৰ মূৰে মূৰে উদযাপিত হয় গণতন্ত্রৰ উৎসৱ নির্বাচন৷ প্রচাৰ–পত্রৰে চতুর্দিশ উপচি পৰে, ৰাস্তাত সমদল ওলায়, মাইকত ভাষণ আৰু প্রচাৰ, সাধাৰণ নাগৰিকৰ দুৱাৰে দুৱাৰে নেতাসকল ঘূৰি ফুৰে৷

ভোটাৰ তালিকাত নাম থকা প্রতিজন নাগৰিক হঠাতেই সকলো দলৰ বাবেই গুৰুত্বপূর্ণ হৈ পৰে৷ গণতন্ত্রৰ এই উৎসৱৰ মাজতে এটা গুৰুত্বপূর্ণ প্রশ্ন উত্থাপিত হয়– ভোট দিয়া আৰু প্রার্থী বাছি লোৱাটো একে কথা হয়নে?

ভোটকেন্দ্রলৈ যোৱা আৰু সচেতনভাৱে প্রার্থী বিচাৰ কৰি ভোট দিয়া– এই দুটাৰ মাজৰ পার্থক্যটো সৰু নহয়, ই গণতন্ত্রৰ ভৱিষ্যৎ নির্ধাৰণ কৰা এটা মৌলিক প্রশ্ন৷ গণতন্ত্রৰ সংস্থা মতে ভোট দিয়াটো নাগৰিকৰ এক মৌলিক অধিকাৰ৷

কিন্তু সাধাৰণভাৱে অধিকাৰ প্রয়োগ কৰা আৰু সচেতনভাৱে বিচাৰ কৰি প্রয়োগ কৰা– এই দুটাৰ মাজত এক বিশাল পার্থক্য আছে৷ ভোটকেন্দ্রলৈ গৈ বুটাম টিপিলেই গণতন্ত্রৰ দায়িত্ব শেষ নহয়৷ প্রশ্ন হৈছে–সেই বুটাম টিপাৰ আগতে প্রার্থীজনৰ যোগ্যতা আৰু গ্রহণযোগ্যতাৰ বিষয়ে কিমান ভবা আৰু প্রার্থীজনৰ সামাজিক দায়বদ্ধতাৰ বিষয়ে কিমান জনা হৈছে?

গণতন্ত্র এটা যন্ত্রৰ দৰে৷ সেই যন্ত্রটো চলোৱা কৌশলৰ ওপৰতেই নির্ভৰ কৰে ইয়াৰ ফলাফল৷ সেই যন্ত্রৰ অন্যতম প্রধান চালিকা শক্তি হ’ল ভোটাৰ৷ এই ভোটাৰসকলৰ সচেতনতা বা অসচেতনতাহ গণতন্ত্রৰ গতি–পথ নির্ধাৰণ কৰে৷

অসমৰ নির্বাচনী ইতিহাসলৈ চালে দেখা যায় যে বহু ক্ষেত্রত জাতি, ধর্ম, গোষ্ঠী বা পৰিচিতিৰ ভিত্তিত ভোটদান কৰা হৈছে৷ প্রার্থীজনৰ যোগ্যতা, তেওঁৰ কর্মদক্ষতা, তেওঁৰ অতীতৰ কাম– এইবোৰ বিচাৰ কৰাৰ পৰিৱর্তে বহু সময়ত কেৱল দলীয় পৰিচয় বা সম্প্রদায়গত আনুগত্যকেই চূডান্ত বিবেচনাৰ বাবে লোৱা হৈছে৷

একোজন প্রার্থীক একে জাতিৰ বা একে ধর্মৰ বুলি ভোট দিয়া হয়, তেওঁ সংসদত কি ক’ব, বিধানসভাত কি প্রশ্ন উত্থাপন কৰিব, সমষ্টিৰ বাবে তেওঁৰ কি কি আঁচনি আছে– এইবোৰ বিচাৰ কৰাৰ প্রৱণতা এতিয়াও সীমিত৷

ফলত বহু যোগ্য প্রার্থীয়ে নির্বাচনত পৰাজয় বৰণ কৰিছে আৰু অযোগ্য ব্যক্তি ক্ষমতালৈ আহিছে৷ আৰু পাঁচ বছৰ পাছত সেই একেই মানুহে একেই অভিযোগ কৰিছে–উন্নয়ন নহ’ল, প্রতিশ্রুতি ৰক্ষা নহ’ল৷ নির্বাচনী প্রচাৰৰ আকর্ষণীয় ধৰণবোৰেও ভোটাৰৰ বিচাৰ–বুদ্ধিক প্রভাৱিত কৰে৷

বিনামূলীয়া সামগ্রীৰ প্রতিশ্রুতি, বিজুলী বিনামূলীয়া, গেছ বিনামূলীয়া, মাহিলি ভাট্টা– এইধৰণৰ প্রতিশ্রুতিবোৰে বহু ভোটাৰক আকর্ষণ কৰে৷ বহুতে যুক্তি প্রদর্শন কৰে যে এই বিনামূলীয়া সামগ্রীৰ ধাৰণাটোৱেই গণতন্ত্রৰ বাবে বিপজ্জনক৷

কাৰণ বিনামূলীয়া বুলি একো নাই, ৰাজহুৱা ধনেৰেই এই সামগ্রী দিয়া হয় আৰু তাৰ বিনিময়ত ৰাজ্যৰ দীর্ঘম্যাদী বিকাশ বাধাগ্রস্ত হয়৷ ভাৱনাত্মক বক্তব্য আৰু ভুৱা বাতৰিৰ সোঁতত বেকাৰত্ব, শিক্ষা, স্বাস্থ্য সেৱা, গৰাখহনীয়া, বানপানী আদিৰ দৰে প্রকৃত সমস্যাসমূহ প্রায়ে আঁতৰি যায়৷

ভোটাৰে চিন্তা কৰা বিষয়বোৰৰ আলোচনা নোহোৱাকৈয়ে নির্বাচন শেষ হয়৷ আৰু পাঁচ বছৰৰ পাছত একেই কাহিনীৰ পুনৰাবৃত্তি হয়৷ সামাজিক মাধ্যমৰ যুগত এই পৰিস্থিতি আৰু জটিল হৈছে৷ তথ্য আৰু অপতথ্যৰ মাজৰ সীমাৰেখা ক্রমশঃ ক্ষীণ হৈছে৷

এটা ভুৱা বাতৰি মিনিটৰ ভিতৰত হাজাৰ মানুহৰ ওচৰ পায়গৈ আৰু সেই বাতৰিৰ প্রতিক্রিয়া হিচাপে ৰাইজৰ বৃহৎসংখ্যকৰ আৱেগ উত্তাল হৈ পৰে৷ আৱেগক কেন্দ্র কৰি ৰচিত বক্তব্যই যুক্তিক পৰাস্ত কৰে৷ ৰাজনৈতিক দলসমূহে সামাজিক মাধ্যমক এক শক্তিশালী অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে৷ মিম, চমু ভিডিঅ’, আৱেগিক পোষ্ট আদিৰ জৰিয়তে ভোটাৰৰ মতামত গঢ়ি তোলা হৈছে৷

এনে পৰিৱেশত সচেতন ভোটদান কৰাটো এক প্রকৃত প্রত্যাহ্বান হৈ পৰিছে৷ সত্য বিচাৰি উলিওৱাটো কষ্টসাধ্য, কিন্তু সেই কষ্ট নকৰিলে ভোটদান এক অন্ধ কার্যলৈ পৰিণত হয়৷ তেনেদৰে প্রার্থী বাছনিৰ ক্ষেত্রতো এক জটিল সমস্যা আছে৷

বহু ৰাজনৈতিক দলে প্রার্থী মনোনীত কৰোঁতে যোগ্যতাতকৈ টকা, পৰিয়ালৰ পটভূমি বা জনপ্রিয়তাক বেছি গুৰুত্ব দিয়ে৷ ফলত সংসদ বা বিধানসভাত যোৱা প্রতিনিধিসকল সকলো সময়ত জনসাধাৰণৰ প্রকৃত প্রতিনিধি নহয়৷ অথচ গণতন্ত্রৰ মূল ধাৰণাটোৱেই হৈছে যে জনসাধাৰণৰ প্রকৃত প্রতিনিধিয়েই শাসন পৰিচালনা কৰিব৷

তথাপি আশাৰ পোহৰ আছে৷ শিক্ষিত যুৱ প্রজন্মৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি পাইছে৷ প্রার্থীৰ পটভূমি, সম্পদৰ বিৱৰণী আৰু অতীতৰ কার্যাৱলী বিচাৰ কৰাৰ প্রৱণতা বাঢ়িছে৷ নির্বাচন আয়োগে প্রার্থীসকলৰ সম্পদ আৰু অপৰাধমূলক গোচৰৰ তথ্য ৰাজহুৱা কৰি দিছে, যাৰ ফলত ভোটাৰে অধিক তথ্য পাবলৈ সক্ষম হৈছে৷

এইবোৰে ইংগিত দিয়ে যে গণতন্ত্রৰ প্রতি মানুহৰ দায়িত্ববোধ এতিয়াও জীৱিত আৰু ক্রমশঃ শক্তিশালী হৈছে৷ ভোটকেন্দ্রলৈ যোৱাটো যদি উৎসৱ, তেন্তে সঠিক প্রার্থী বাছি লোৱাটো হৈছে সেহ উৎসৱৰ প্রকৃত অর্থ৷

পাঁচ বছৰৰ পাছত যি পৰিৱর্তন বিচৰা হয়, তাৰ বীজ সেই এটা ভোটৰ মাজতেহ লুকাই থাকে৷ গণতন্ত্র কেৱল এটা ব্যৱস্থা নহয়, ই প্রতিগৰাকী নাগৰিকৰেই দায়িত্ব৷ সেই দায়িত্বৰ আটাহতকৈ শক্তিশালী প্রকাশ হৈছে এটা সচেতন, বিবেচিত আৰু সাহসী ভোট৷

You might also like