নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈভৱৰ বাবে ১ কোটি নহয়, ১০ কোটি টকা সাজু কৰি ৰখা হৈছিল

ট্রায়েলৰ অন্তত ভাৰুচাই দলৰ মালিকক ফোন কৰি কৈছিল যে ১০ কোটি টকা সাজু কৰি ৰাখক৷ দুজন চেলিব্রিটীৰ সমান এজনক বিচাৰি পালোঁ

বৈভৱ সূর্যবংশী এতিয়া তাৰকাৰ শাৰীত৷ ভাৰতীয় দলত কেতিয়া অভিষেক ঘটাব সেই সন্দর্ভত জল্পনা–কল্পনা আৰম্ভ হৈছে৷ যোৱা আইপিএলৰ পৰা তাণ্ডৱ সৃষ্টি কৰা বৈভৱে এইবাৰো আইপিএলৰ প্রথমখন মেচতে বিস্ফোৰক ৰূপ লৈছে৷

১৫ বছৰীয়া বেটাৰগৰাকীয়ে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে মাত্র ১৭টা বলত ৫২ ৰান সংগ্রহ কৰে৷ দুবছৰ পূর্বে বৈভৱক প্রথমবাৰৰ বাবে দেখাৰ পিছত ৰাজস্থান দলটোৰ এজন বিষয়াই বৈভৱৰ বাবে ৰাজস্থানক ১০ কোটি টকা প্রস্তুত কৰিবলৈ কৈছিল৷

সেই কাহিনীটো শেহতীয়াকৈ ফাদিল হৈছে৷ দুবছৰ পূর্বে ৰাজস্থানে আইপিএলৰ নিলামত বৈভৱক ১ কোটি ১০ লাখ টকাত ক্রয় কৰিছিল৷ সেই সময়ত ১৩ বছৰীয়া ল’ৰা এটাৰ বাবে ইমান টকা খৰচ হোৱা দেখি সকলোৱে আচৰিত হৈছিল৷

কিন্তু ৰাজস্থান একেবাৰে আচৰিত হোৱা নাছিল৷ তেওঁলোকে বৈভৱৰ বাবে আৰু অধিক টকা ৰাখিছিল৷ সেই সময়লৈকে বৈভৱে ভাৰতৰ হৈ ১৯ বছৰ অনূর্ধ্ব পর্যায়ত খেলিছিল৷ সেই সময়ত ৰাজস্থানে বৈভৱক ট্রায়েলৰ বাবে মাতিছিল৷

ৰাজস্থানৰ উচ্চ প্রদর্শন সঞ্চালক জুবিন ভাৰুচাই বিচাৰকৰ দায়িত্বত আছিল৷ বৈভৱক দেখি সি আচৰিত হ’ল৷ ভাৰুচাই বৈভৱৰ আৰু কঠিন পৰীক্ষা ল’লে৷ ট্রায়েলত বৈভৱৰ বিৰুদ্ধে ঘণ্টাত ১৫৭–১৫৮ কিলোমিটাৰ বেগেৰে বল কৰা এজন বলাৰক আমন্ত্রণ জনাইছিল৷

তেওঁ ৬ ফুটৰ ওপৰত ওখ৷ বলাৰজনে তেওঁৰ চতুর্থটো বল ঘণ্টা ১৫৭ কিলোমিটাৰ বেগত কৰিছিল আৰু বৈভৱে ছাইড স্ক্রীনৰ ওপৰেৰে ছিক্সাৰ কোবাইছিল৷ বৈভৱক সেই বেগৰ বলৰ বিৰুদ্ধে বেটিং কৰা দেখি ভাৰুচাই সিদ্ধান্ত ল’লে যে এই ল’ৰাটোক যিয়েই নহওক ল’বই লাগিব৷

এই শ্বটটো সাধাৰণ ল’ৰাই খেলিব পৰা বস্তু নহয়৷ মই তেতিয়া আৰু তাতেই সিদ্ধান্ত লৈছিলোঁ যে তেওঁক ল’বই লাগিব৷ ট্রায়েলৰ অন্তত ভাৰুচাই দলৰ মালিকক ফোন কৰি কৈছিল যে ১০ কোটি টকা সাজু কৰি ৰাখক৷ দুজন চেলিব্রিটীৰ সমান এজনক বিচাৰি পালোঁ৷

ডিজিটেল ডেস্ক, ১ এপ্ৰিল

You might also like