আজিৰ পৰা আৰম্ভ হ’ব অসমৰ বিদ্যালয়সমূহৰ পাঠদান কার্যসূচী৷ ইতিমধ্যে আগন্তুক শিক্ষাবর্ষ ২০২৬–২৭ বর্ষৰ বাবে শৈক্ষিক দিনপঞ্জী প্রকাশ কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে৷
সেই অনুসৰি নতুন শিক্ষাবর্ষত পৰীক্ষাসহ মুঠ শ্রেণী দিনৰ সংখ্যা ২৫৪ দিন ধার্য কৰা হৈছে৷ চলিত শিক্ষাবর্ষত দেওবাৰৰ লগতে গ্রীষ্ম বন্ধসহ পাঠদান বন্ধ থাকিব মুঠ ১১১ দিন৷ এই বন্ধৰ তালিকাত ব’হাগ বিহুৰ বাবে বন্ধৰ দিন তিনি দিন ধার্য কৰা হৈছে৷
পঞ্জীয়ন অনুসৰি মে’ মাহত ২৪ দিন বিদ্যালয় খোলা থাকিব৷ জুন মাহত ২৫ দিন, জুলাই মাহত গৰম বন্ধৰ বাবে বিদ্যালয়সমূহ বন্ধ থাকিব৷ অর্থাৎ জুলাই মাহত বিদ্যালয়সমূহত কোনো শৈক্ষিক কাম–কাজ কৰা নহ’ব৷
আগষ্ট মাহত ২৫ দিন শৈক্ষিক কার্যসূচী চলিব বিদ্যালয়সমূহত৷ আনহাতে ছেপ্টেম্বৰ মাহৰ ২৪ তাৰিখৰ পৰা ৩০ তাৰিখলৈ হ’ব ছয় মাহিলি পৰীক্ষা৷ অক্টোবৰ মাহত শৈক্ষিক দিনপঞ্জী হ’ল ২৩ দিন৷
ডিচেম্বৰ মাহত ২৫ দিন, ’২৭ চনৰ জানুৱাৰী মাহত ২২ দিন, ফেব্রুৱাৰী মাহত ২৩ দিন, মার্চ মাহত ২৪ দিন বিদ্যালয় খোলা থাকিব৷ আনহাতে মার্চৰ ৬ তাৰিখৰ পৰা নৱম শ্রেণীৰ বার্ষিক পৰীক্ষা আৰম্ভ হ’ব আৰু ২৩ মার্চৰ পৰা হ’ব মূল্যাংকন৷
ডিজিটেল ডেস্ক, ১ এপ্ৰিল