নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভা নির্বাচনত অৱতীর্ণ ৭২২ প্রার্থীৰ ৩৯% কোটিপতি

প্রতিবেদনত ৮ সমষ্টিক ‘ৰেড এলার্ট’ আসন হিচাপে চিনাক্ত কৰা হৈছে৷ য’ত তিনিগৰাকী বা তাতোকৈ অধিক অপৰাধী প্রার্থী আছে

অসম বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৭২২গৰাকী প্রার্থীৰ প্রতি দহগৰাকীৰ ভিতৰত ৪গৰাকীয়েই কোটিপতি প্রার্থী৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফর্মছ, চমুকৈ এডিআৰে প্রকাশ কৰা তথ্য অনুসৰি নির্বাচনী যুদ্ধত অৱতীর্ণ ৭২২গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ৩৯ শতাংশৰে ২৮৫গৰাকী প্রার্থী কোটিপতিৰ তালিকাত আছে৷

এই তালিকাত আটাইতকৈ শীর্ষত আছে হাইলাকান্দি সমষ্টিৰ কংগ্রেছ প্রার্থী ৰাহুল ৰয়৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ২৬১ কোটি টকা৷ তালিকাৰ দ্বিতীয় স্থানত আছে এআইইউডিএফপ্রধান তথা বিন্নাকান্দি সমষ্টিৰ প্রার্থী বদৰুদ্দিন আজমল৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল ২২৬ কোটি৷

আনহাতে তালিকাৰ তৃতীয় স্থানত আছে ৰঙানদী সমষ্টিৰ কংগ্রেছ প্রার্থী জয়ন্ত খাউণ্ড৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ হ’ল ৬৭ কোটি টকা৷ এইবাৰৰ নির্বাচনত শূন্য সম্পত্তিৰ ২গৰাকী প্রার্থীয়েও প্রতিদ্বন্দ্বিতা কৰিছে৷ কোনো সম্পত্তি নথকা এই দুই প্রার্থী হ’ল হাইলাকান্দিৰ নির্দলীয় প্রার্থী ক্রমে ধ্রুৱ চক্রৱর্তী আৰু জীৱন ৰয়৷

আনহাতে সর্বনিম্ন সম্পত্তি থকা প্রার্থী দুগৰাকী হ’ল হাইলাকান্দিৰ নির্দলীয় প্রার্থী গৌতম নাথ আৰু আলগাপুৰ কাটলিচেৰাৰ নির্দলীয় প্রার্থী ফিৰোজ জামান মজুমদাৰ৷ এডিআৰে প্রকাশ কৰা তথ্য অনুসৰি ৰঙানদীৰ কংগ্রেছ প্রার্থী জয়ন্ত খাউণ্ড আটাইতকৈ অধিক ধাৰ থকা প্রার্থী৷ তেওঁৰ আছে ৩৯ কোটি টকাৰ ধাৰ৷

তেওঁৰ পিছতে ধাৰ আছে চিচিবৰগাঁৱৰ নির্দলীয় প্রার্থী নন্দগিৰি ভূঞাৰ, ধাৰ আছে ২৭ কোটি টকা৷ এডিআৰে প্রকাশ কৰা তথ্য অনুসৰি ৭২২গৰাকী প্রার্থীৰ ভিতৰত ১৩ শতাংশ গড়ে মুঠ ৯৬গৰাকী প্রার্থীৰ ৫ কোটি টকাৰ ওপৰত সম্পত্তি আছে৷

১৫ শতাংশ গড়ে ১০৮গৰাকী প্রার্থীৰ ২ কোটিৰ পৰা ৫ কোটিৰ ভিতৰত সম্পত্তি আছে৷ আনহাতে ২৪ শতাংশ গড়ে মুঠ ১৭০গৰাকী প্রার্থীৰ আছে ৫০ লাখ টকাৰ পৰা ২ কোটি টকাৰ ভিতৰত সম্পত্তি৷ নির্বাচনটোত ধন শক্তিৰ যে স্পষ্ট প্রভাৱ পৰিছে সেয়াও প্রমাণিত হৈছে৷

সকলো সৰু–ডাঙৰ ৰাজনৈতিক দলেই ধনী প্রার্থীক প্রার্থিত্ব দিয়াটো স্পষ্ট কৰিছে এডিআৰে৷ প্রধান দলসমূহৰ ভিতৰত বিজেপিয়ে প্রার্থিত্ব দিয়া ৯০গৰাকী প্রার্থীৰ ভিতৰত ৮৮ শতাংশ হাৰে মুঠ ৭৯গৰাকী প্রার্থী কোটিপতি৷ কংগ্রেছে প্রদান কৰা ৯৯গৰাকী প্রার্থীৰ ভিতৰত ৬১ শতাংশ হাৰে ৬০গৰাকী, অগপই প্রদান কৰা ২৬গৰাকী প্রার্থীৰ ভিতৰত ৬৯ শতাংশ হাৰে ১৮গৰাকী, এআইইউডিএফে প্রদান কৰা ২৮গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ৫৬ শতাংশ হাৰে দহগৰাকী, ৰাইজৰ দলে প্রদান ১৩গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ৪৬ শতাংশ হাৰে ৬গৰাকী প্রার্থী কোটিপতিৰ তালিকাত আছে৷

তথ্য অনুসৰি এইবাৰ ৭২২গৰাকী প্রার্থীৰ ভিতৰত মুঠ সম্পত্তিৰ পৰিমাণ হ’ল ২,৩৫২ কোটি টকা৷ ২০২৬ চনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা প্রতিজন প্রার্থীৰ সম্পত্তিৰ গড় পৰিমাণ হ’ল ৩.২৫ কোটি টকা৷ আনহাতে ২০২১ চনৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৯৪১গৰাকী প্রার্থীৰ প্রতিজনৰ গড় সম্পত্তিৰ পৰিমাণ হ’ল ২.১০ কোটি টকা৷

ইফালে এইবাৰৰ নির্বাচনত অংশগ্রহণ কৰা ৭২২গৰাকী প্রার্থীৰ ভিতৰত শতকৰা ১৪ শতাংশ হাৰে মুঠ ১০২গৰাকী প্রার্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে৷ আনহাতে গুৰুতৰ অপৰাধৰ গোচৰ থকা প্রার্থীৰ সংখ্যা হ’ল ৮২গৰাকী৷ ইয়াৰ গড় সংখ্যা হ’ল ১১ শতাংশ৷ দল ভিত্তিত অপৰাধমূলক অধিক গোচৰ থকা দলটো হ’ল কংগ্রেছ৷

দলটোৰ ৯৯গৰাকী প্রার্থীৰ ভিতৰত ২৮গৰাকীৰ বিৰুদ্ধে আছে অধিক অপৰাধমূলক গোচৰ৷ আনহাতে ৯০গৰাকী প্রার্থী থকা বিজেপিৰ ৮গৰাকী প্রার্থীৰ বিৰুদ্ধেহে আছে অপৰাধমূলক গোচৰ৷ তাৎপর্যপূর্ণ কথাটো হ’ল যে শিৱসাগৰৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে আছে ২১টাকৈ গোচৰ৷

ইয়াৰ ভিতৰত ২৩টা ছিৰিয়াছ আইপিচি ধাৰা সংলগ্ন আছে৷ ৰাইজৰ দলৰ ২গৰাকী প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ এআইইউডিএফৰ ১১গৰাকী প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধ গোচৰ৷ গুৰুতৰ অপৰাধমূলক গোচৰ সন্দর্ভত ২০গৰাকী কংগ্রেছ প্রার্থী, ৯গৰাকী এআইইউডিএফ প্রার্থী এনে অভিযোগৰ সন্মুখীন হোৱাৰ বিপৰীতে বিজেপিৰ ৮গৰাকী প্রার্থীৰ আছে গুৰুতৰ অপৰাধমূলক গোচৰ৷

এডিআৰৰ প্রতিবেদনত অপৰাধৰ প্রকৃতিৰ বিষয়েও বিতং তথ্য আছে৷ ৮গৰাকী প্রার্থীয়ে হত্যাৰ সৈতে জড়িত গোচৰৰ কথা শপতনামাত প্রকাশ কৰিছে৷ আনহাতে ৯গৰাকী প্রার্থীয়ে হত্যাৰ চেষ্টাৰ সৈতে জড়িত গোচৰ ঘোষণা কৰিছে৷

মহিলাৰ বিৰুদ্ধে অপৰাধত জড়িত গোচৰ ঘোষণা কৰিছে দুগৰাকী প্রার্থীয়ে৷ প্রতিবেদনত ৮ সমষ্টিক ‘ৰেড এলার্ট’ আসন হিচাপে চিনাক্ত কৰা হৈছে৷ য’ত তিনিগৰাকী বা তাতোকৈ অধিক অপৰাধী প্রার্থী আছে৷ সেই সমষ্টিকেইটা হ’ল– আলগাপুৰ–কাটলিচেৰা, সোণাই, বঢ়মপুৰ, বিজনী, বিন্নাকান্দি, বোকাখাত, কৰিমগঞ্জ দক্ষিণ আৰু গোৰেশ্বৰ৷

ডিজিটেল ডেস্ক, ১ এপ্ৰিল

You might also like