ক্ৰিমিয়াত ৰাছিয়াৰ এন-২৬ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত : ২৯জনৰ মৃত্যু
Antonov An-26 হৈছে ১৯৬০ চনৰ শেষভাগত প্ৰৱৰ্তন কৰা এখন লঘু কৌশলগত পৰিবহণ বিমান, যাক সামৰিক আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতেই ব্যৱহাৰ কৰা হয়।
ক্ৰিমিয়ান উপদ্বীপত ৰাছিয়াৰ এখন Antonov An-26 সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ভয়ংকৰ বিপৰ্যয় সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ সময়ত বিমানখনত মুঠ ২৯গৰাকী লোক আছিল আৰু সকলোৰে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে।
ৰাছিয়াৰ সংবাদ সংস্থাৰ তথ্য অনুসৰি, বিমানখনত ২৩গৰাকী যাত্ৰী আৰু ৬জন ক্ৰু সদস্য আছিল। বিমানখন ৩১ মাৰ্চত মস্কোৰ সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত উৰণ আৰম্ভ কৰিছিল।
উৰণৰ সময়তে ক্ৰিমিয়াৰ ওপৰত এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (ATC)-ৰ সৈতে বিমানখনৰ যোগাযোগ হঠাৎ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
প্ৰাথমিক তথ্য অনুসৰি, ব্লেক ছীৰ কাষত অৱস্থিত ক্ৰিমিয়ান উপদ্বীপৰ পাহাৰত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে।
ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, ইতিমধ্যে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে।
উল্লেখ্য যে Antonov An-26 হৈছে ১৯৬০ চনৰ শেষভাগত প্ৰৱৰ্তন কৰা এখন লঘু কৌশলগত পৰিবহণ বিমান, যাক সামৰিক আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতেই ব্যৱহাৰ কৰা হয়।
ডিজিটেল ডেস্ক, ১ এপ্ৰিল