নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি

ইয়াৰ পূৰ্বে ১ মাৰ্চতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৪.৫ টকা বৃদ্ধি কৰা হৈছিল। অৱশ্যে বৰ্তমানলৈ ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাই। ঘৰুৱা ৰন্ধন গেছৰ দাম শেষবাৰৰ বাবে ৭ মাৰ্চত ৬০ টকা বৃদ্ধি পাইছিল

মধ্যপ্ৰাচ্যত চলি থকা সংঘাতৰ প্ৰভাৱত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত দেশত বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্যত ডাঙৰ বৃদ্ধি দেখা গৈছে।

চৰকাৰী তেল কোম্পানীসমূহে বুধবাৰৰ পৰা ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৯৫.৫০ টকা বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। নতুন মূল্য অনুসৰি এতিয়া এটা চিলিণ্ডাৰৰ দাম ২,০৭৮.৫০ টকা হৈছে।

এই মূল্যবৃদ্ধিয়ে বিশেষকৈ ব্যৱসায়ী আৰু ৰেষ্টুৰেণ্ট পৰিচালকসকলৰ ওপৰত অধিক চাপ সৃষ্টি কৰিছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ১ মাৰ্চতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৪.৫ টকা বৃদ্ধি কৰা হৈছিল। অৱশ্যে বৰ্তমানলৈ ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হোৱা নাই। ঘৰুৱা ৰন্ধন গেছৰ দাম শেষবাৰৰ বাবে ৭ মাৰ্চত ৬০ টকা বৃদ্ধি পাইছিল।

মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অব্যাহত থাকিলে আগন্তুক দিনত মূল্যবৃদ্ধিৰ চাপ আৰু বাঢ়িব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।

ডিজিটেল ডেস্ক, ১ এপ্ৰিল

You might also like