অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হ’ব
পদুলিয়ে পদুলিয়ে ৰাইজে ৰূপক শৰ্মা জিন্দাবাদ ,বিজেপি জিন্দাবাদ ,আকৌ এবাৰ বিজেপি চৰকাৰ আদি ধ্বনি দি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে। ঠায়ে ঠায়ে ৰূপক শৰ্মাই জেষ্ঠ নাগৰিকৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ আশীষ গ্ৰহণ কৰে।
নিৰ্বাচনলৈ মাজত মাথো সাতটা দিন বাকী থকা অৱস্থাত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত বিজেপি তথা এন ডি এৰ প্ৰাৰ্থী ৰূপক শৰ্মাই অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতা। সমষ্টিটোৰ প্ৰতিটো অঞ্চলত দুবাৰৰ বিধায়ক ৰূপক শৰ্মাই বিগত দিন কেইটাত অব্যাহত ৰাখিছে মাৰাথান প্ৰচাৰ।
আজিও ৰূপক শৰ্মাই নগাঁও পৌৰসভাৰ অন্তৰ্গত নগাঁও চহৰত মহলাই মহলাই নিৰ্বাচনী প্ৰচাৰ অভিযানক অধিক গতিশীল কৰি প্ৰচাৰ অভিযানৰ চমক সৃষ্টি কৰে। আজি সমষ্টিটোৰ এন ডি এৰ প্ৰাৰ্থী ৰূপক শৰ্মাই ১২, ২৫নং মহলাৰ কচলুখোৱা ৰাস পথাৰৰ পৰা লোকনাথ মন্দিৰ হৈ আজাদ নগৰ আৰু ডায়মণ্ড ক্লাৱৰ ওচৰলৈকে পদযাত্ৰা কৰে।
তদুপৰি ১৩, ১৪, ১৫ নং মহলাৰ দক্ষিণপাট ষ্টেণ্ডৰ পৰা এলফিষ্টো হ’ল হৈ বহাগী হোটেল, ৰূপকোঁৱৰ চ’ক আৰু ৰাম মন্দিৰৰলৈকে প্ৰচাৰ অভিযান চলাই। এই পদযাত্ৰাৰ সময়ত অগনন লোকে ৰূপক শৰ্মাক আদৰণি জনোৱাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।
পদুলিয়ে পদুলিয়ে ৰাইজে ৰূপক শৰ্মা জিন্দাবাদ ,বিজেপি জিন্দাবাদ ,আকৌ এবাৰ বিজেপি চৰকাৰ আদি ধ্বনি দি এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰে। ঠায়ে ঠায়ে ৰূপক শৰ্মাই জেষ্ঠ নাগৰিকৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ আশীষ গ্ৰহণ কৰে।
পদযাত্ৰাত অংশগ্ৰহণ কৰি ৰূপক শৰ্মাই কয় যে ৰাইজৰ অভুতপুৰ্ব সহাৰিয়ে এই কথা প্ৰমাণ কৰে যে সমগ্ৰ অসমৰ ৰাইজ এতিয়া বিজেপিৰ পক্ষত আছে। ৰাইজে বিচাৰে উন্নয়ন আৰু বিকাশ। এইবাৰ অসমত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ হব আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হব।
জাতি- মাটি ,ভেটি সুৰক্ষিত কৰাৰ বাবে বিজেপিয়ে কাম কৰি আহিছে আৰু অনাগত দিনটো ইয়াৰ ধাৰাবাহিকতা অব্যাহত থাকিব। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰূপক শৰ্মাই কংগ্ৰেছ দলক সমালোচনা কৰি কয় কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰীক দল। সেয়ে এই দলৰ ভবিষ্যত নাই।
এই পদযাত্ৰাত নগাঁও পৌৰসভাৰ পৌৰপতি বিজেপি নেত্ৰী অম্বিকা মজুমদাৰ ,উপপৌৰপতি তথা জেষ্ঠ বিজেপি নেতা সীমান্ত বৰা ,মহলা আয়ুক্ত সকল ,বিজেপিৰ নগাঁও মণ্ডলৰ সভাপতি সহ কাৰ্যকৰ্তা, মিত্ৰজোঁটৰ অগপৰ স্থানীয় নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে।
বিশেষ বাৰ্তা, নগাঁও, ১ এপ্ৰিল