নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যধিক উত্তাপে প্রভাৱ পেলাব ফিফা বিশ্বকাপত

ডিজিটেল ডেস্ক, ১৬ মে’ : আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত অত্যধিক উত্তাপে খেলুৱৈৰ বাবে ভাবুকি অনাৰ আশংকা কৰা হৈছে৷ এই লৈ আয়োজক আৰু খেলুৱৈসকলৰ মাজত বৃদ্ধি পাইছে উদ্বেগ৷ বিশেষজ্ঞসকলে খেলুৱৈ আৰু অনুৰাগীৰ স্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি বিপজ্জনক পৰিস্থিতিৰ সতর্কবাণী প্রদান কৰিছে৷ ইয়াৰ বাবে ফিফা বিশ্বকাপৰ আয়োজকক গৰমৰ পৰা ৰক্ষা কৰিবলৈ বিশেষ পদ্ধতি অৱলম্বন কৰিবলৈ আহ্বান জনাইছে৷

জলবায়ু গৱেষণা গোট ৱর্ল্ড ৱেডাৰ এট্রিবিউচেনৰ এক বিশ্লেষণত দেখা গৈছে যে সমগ্র আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাত ১০৪খন মেচৰ এক–চতুৰ্থাংশই তীব্র গৰমত খেলিবলগীয়া হ’ব৷ ১৯৯৪ চনত আমেৰিকাত অনুষ্ঠিত বিশ্বকাপৰ তুলনাত এইবাৰ বিপদ দুগুণ বৃদ্ধি পাব৷ গৱেষকসকলে এনে পৰিৱেশ অসুৰক্ষিত বুলি উল্লেখ কৰি ফিফাক চিন্তা–চর্চা কৰাৰ আহ্বান জনাইছে৷

জলবায়ু বিশ্লেষক গোটটোৱে ফিফাক দিয়া পৰামর্শ অনুসৰি যদিহে খেল অনুষ্ঠিত হোৱাৰ সময়ত ২৬ ডিগ্রীতকৈ অধিক তাপমাত্রা হয়, তেতিয়া ষ্টেডিয়ামখন শীতল কৰি লোৱাৰ প্রয়োজন৷ যদিহে ২৮ ডিগ্রী চেলচিয়াছতকৈ অধিক হয় তেনে অৱস্থাত খেল অনুষ্ঠিত নকৰিবলৈ পৰামর্শ দিয়ে বিশ্লেষক গোটটোৱে৷ কিয়নো, এনে অৱস্থাত আর্দ্রতা ৩০ ডিগ্রী চেলচিয়াছৰ সমান হয়৷ অধিক উষ্ণতাত খেলিলে খেলুৱৈ এগৰাকী তিনি মিনিটৰ ভিতৰতে ডিহাইড্রেচনত ভুগিব পাৰে৷

উল্লেখ্য যে ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহৰ ১৬টা স্থানৰ ভিতৰত তিনিটা স্থানতহে আছে শীতল ব্যৱস্থা৷ বাকী ১৩টা স্থানত প্রচণ্ড গৰমৰ বাবে খেলুৱৈৰ লগতে দর্শক–অনুৰাগীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকা কৰা হৈছে৷ ডালাচ আৰু হিউছটন চহৰত শীত–তাপ নিয়ন্ত্রিত ষ্টেডিয়াম আছে যদিও মিয়ামি, কেনছাছ চিটী, নিউয়র্ক আৰু ফিলাডেলফিয়াত এনে সুবিধা নাই৷ কিন্তু এইকেইখন চহৰতে ১০ শতাংশতকৈও অধিক খেল অনুষ্ঠিত হ’ব৷

You might also like