দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। মঙলবাৰ, ১৯ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯০ পইচাকৈ বৃদ্ধি কৰা হৈছে। এক সপ্তাহতকৈও কম সময়ৰ ভিতৰত এইটো দ্বিতীয়বাৰৰ বাবে ইন্ধনৰ মূল্যবৃদ্ধি ঘটিল।
উল্লেখযোগ্য যে যোৱা শুকুৰবাৰেও তেল কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰায় ৩ টকাকৈ বৃদ্ধি কৰিছিল। তাৰ পিছতে পুনৰ হোৱা এই মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত অধিক চাপ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ১৯ মে’