পাঠশালা হাইস্কুলত যৌন নিৰ্যাতনৰ বিৰুদ্ধে সজাগতামূলক অনুষ্ঠান
বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত কালি পাঠশালা হাইস্কুল শিক্ষানুষ্ঠানত “নীৰৱতা ভাঙক, সুৰক্ষা গঢ়ক” শীৰ্ষক যৌন নিৰ্যাতন, চাইবাৰ সুৰক্ষা আৰু শিশুৰ অধিকাৰ সম্পৰ্কীয় এক ব্যতিক্ৰমী সজাগতা কাৰ্যসূচী সফলভাৱে অনুষ্ঠিত কৰা হয়।
অনুষ্ঠানৰ আৰম্ভনিতে পাঠশালা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কল্পনা গোস্বামীয়ে বিষয়ভিত্তিক উদ্বোধনী বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক যৌন নিৰ্যাতনৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সদায় সজাগ আৰু সৰৱ হ’বলৈ আহ্বান জনায়।
ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপিকা ড° মধুস্মিতা বৰুৱাই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সমাজত সচেতনতা সৃষ্টি, আত্মসুৰক্ষা তথা সামাজিক দায়িত্ববোধ আদিৰ বিষয়ে এক সাবলীল স্পৰ্শকাতৰ মন্তব্য আগবঢ়ায়।
তেওঁ বক্তব্য প্ৰদানত কয় যে, বৰ্তমান সময়ত সামাজিক মাধ্যম আৰু ডিজিটেল জগতৰ দ্ৰুত সপ্ৰসাৰণৰ লগে লগে যৌন নিৰ্যাতন আৰু চাইবাৰ হাৰাশাস্তিৰ ঘটনাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তেওঁ শিক্ষাৰ্থীসকলক নীৰৱ হৈ নাথাকি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আহ্বান জনায়।
লগতে তেওঁ কয় যে, সজাগতা, আত্মবিশ্বাস আৰু সঠিক তথ্যইহে এনে অপৰাধৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী অস্ত্ৰ। বিদ্যালয় পৰ্যায়ৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক দায়িত্ববোধ আৰু আত্মসুৰক্ষাৰ মানসিকতা গঢ়ি তোলাটো অত্যন্ত জৰুৰী বুলিও তেওঁ মন্তব্য কৰে।
লীনা বৰাই আঁত ধৰা এই অনুষ্ঠানত শিক্ষামূলক বক্তব্যৰ লগতে একক নাট্যাভিনয়, মূকাভিনয় প্ৰদৰ্শন, কুইজ প্ৰতিযোগিতা আদি সৃষ্টিশীল উপস্থাপনৰ জৰিয়তে বিষয়সমূহ ছাত্ৰ-ছাত্ৰীৰ আগত সহজ আৰু প্ৰভাৱশালী ৰূপত তুলি ধৰা হয়।
উক্ত কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলক যৌন নিৰ্যাতনৰ বিভিন্ন ৰূপ, অনলাইন জগতত সংঘটিত চাইবাৰ অপৰাধ, POCSO আইন, সামাজিক মাধ্যম ব্যৱহাৰৰ সতৰ্কতা, আৰু আত্মসুৰক্ষাৰ বিভিন্ন দিশ সম্পৰ্কে সজাগ কৰাৰ প্ৰয়াস চলোৱা হয়।
বিশেষকৈ একক নাট্যাভিনয় আৰু মূকাভিনয় মাধ্যমেৰে নীৰৱতাই কেনেদৰে অপৰাধীক অধিক সাহসী কৰি তোলে আৰু সচেতনতাই কেনেদৰে সমাজত সুৰক্ষাৰ পৰিবেশ গঢ়ি তুলিব পাৰে, সেই বাৰ্তা গভীৰভাৱে উপস্থাপন কৰা হয়। কুইজ প্ৰতিযোগিতাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত আইনী জ্ঞান, হেল্পলাইন নম্বৰ আৰু সামাজিক দায়িত্ববোধ সম্পৰ্কীয় ধাৰণাও বৃদ্ধি পায়।
মুক্তচিন্তন আৰু আলোচনাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ লগতে বিজয়ী প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত শিক্ষক-শিক্ষয়িত্ৰীসকলেও এনে পদক্ষেপক সময়োপযোগী আৰু প্ৰয়োজনীয় বুলি মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে, বিদ্যালয় পৰ্যায়ৰ পৰা শিক্ষাৰ্থীসকলক এই ধৰণৰ সামাজিক বিষয়সমূহৰ বিষয়ে সজাগ কৰি তোলাটো আজিৰ সময়ত অত্যন্ত জৰুৰী।
অনুষ্ঠানটোৰ শেষত যৌন নিৰ্যাতনৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক শপত গ্ৰহণ কৰোৱা হয় । অনুষ্ঠানটোৱে বিদ্যালয়খনত এক ইতিবাচক আৰু চিন্তাশীল পৰিবেশৰ সৃষ্টি কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত সামাজিক সজাগতাৰ এক শক্তিশালী বাৰ্তা কঢ়িয়াই নিয়ে।
নিয়মীয়া বাৰ্তা, পাঠশালা, ১৯ মে’