দিল্লী উচ্চ ন্যায়ালয়ে আজি আপৰ সংযোজক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, সঞ্জয় সিং, মনীষ ছিছোডিয়া আৰু বিনয় মিশ্ৰৰ বিৰুদ্ধে অৱমাননা (contempt) গোচৰৰ শুনানি চলাই জাননী জাৰি কৰিছে।
আদালতে এই সকলোকে চাৰি সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। লগতে আদালতে জনাইছে যে পৰৱৰ্তী শুনানি ৪ আগষ্টত অনুষ্ঠিত হ’ব।
ইয়াৰ লগতে আদালতে ৰেজিষ্ট্ৰিক নিৰ্দেশ দিছে যে ছ’চিয়েল মিডিয়াৰ সৈতে জড়িত সকলো ৰেকৰ্ড সুৰক্ষিত কৰি ৰাখি আদালতৰ নথিভুক্ত হিচাপে সংৰক্ষণ কৰা হ’ব। লগতে আদালতে এই গোচৰত এজন এমিকাছ কুৰিও নিযুক্ত কৰিব বুলি কয়।
আজি আদালতত অৰবিন্দ কেজৰিৱালসহ কোনো এজনেই উপস্থিত নাছিল।
ডিজিটেল ডেস্ক, ১৯ মে’