নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত ইবোলাৰ আশংকা ! WHO-ৰ সতৰ্কবাণীৰ পিছতে তৎপৰ স্বাস্থ্য মন্ত্ৰালয়

ডিজিটেল ডেস্ক, ১৯ মে’ : মধ্য আফ্ৰিকাত ইবোলা ভাইৰাছৰ সংক্রমণত মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ভয়ংকৰ এই পৰিস্থিতিক কেন্দ্ৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বজুৰি সতৰ্কতা জাৰি কৰিছে। ভাৰতত এতিয়ালৈকে এই মাৰাত্মক ভাইৰাছৰ কোনো ঘটনা ধৰা নপৰিলেও আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে। স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা তীক্ষ্ণ নজৰ ৰখাৰ লগতে প্ৰস্তুতিমূলক ব্যৱস্থা জোৰদাৰ কৰা হৈছে। একে সময়তে জনসাধাৰণ আৰু সংবাদ মাধ্যমক এই বিষয়ত কোনোধৰণৰ উৰাবাতৰি নিবিয়পাবলৈ আহ্বান জনোৱা হৈছে।

প্ৰাণঘাতী ইবোলা ভাইৰাছৰ ফলত মধ্য আফ্ৰিকাৰ দেশ ডি আৰ কংগো আৰু উগাণ্ডাত মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। এতিয়ালৈকে এই ভাইৰাছত ১২০জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে। আক্ৰান্ত হৈছে কেইবাশ লোক। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি বিশ্ব স্বাস্থ্য সংস্থাই জনস্বাস্থ্য জৰুৰী অৱস্থা ঘোষণা কৰিছে।

এই পৰিপ্ৰেক্ষিতত ভাৰতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াবৰ্গৰ উপস্থিতিত ‘নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল’, ‘ইন্টিগ্ৰেটেড ডিজিজ ছাৰ্ভেইলেন্স প্ৰগ্ৰাম’, ‘ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ’কে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰিস্থিতিৰ পৰ্যালোচনা কৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই জনোৱা মতে, ভাৰতত এতিয়ালৈকে এই ভাইৰাছৰ কোনো ঘটনা ধৰা পৰা নাই।

জানিব পৰা মতে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে সন্দেহযুক্ত ৰোগীক তৎক্ষণাত চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তাৰ বাবে লেব’ৰেটৰীসমূহ প্ৰস্তুত কৰা হৈছে। বিমানবন্দৰসমূহত এই সন্দৰ্ভত নিৰীক্ষণ বহু পৰিমাণে বৃদ্ধি কৰা হৈছে। সমুদ্ৰ বন্দৰসমূহতো সতৰ্কতা জাৰি কৰা হৈছে।

তথ্য অনুসৰি, মাৰণ ইবোলা ভাইৰাছত আক্ৰান্ত হ’লে মাত্ৰ তিনি দিনৰ ভিতৰতে ৰোগীৰ মৃত্যু হ’ব পাৰে। স্পৰ্শৰ জৰিয়তে বা আক্ৰান্ত ব্যক্তিৰ ওচৰত থাকিলেও এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। চৰ্দি, কাহ অথবা সংক্রমিত জন্তুৰ মাংস খোৱাৰ ফলতো ইবোলা সংক্ৰমণ হ’ব পাৰে। কোনো ক্ষত স্থান, চকু, নাক বা মুখ স্পৰ্শ কৰাৰ জৰিয়তে এই ভাইৰাছ মানুহৰ শৰীৰত প্ৰৱেশ কৰে।

You might also like