নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বৰ্ষৰ পৰাই বাক্সাত আৰম্ভ হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান

চলিত বৰ্ষৰ পৰাই বাক্সা জিলাত আৰম্ভ হ’ব কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান। এই সন্দৰ্ভত আজি বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত পৰ্যৱেক্ষণ কৰে বিটিচিৰ ভূমি আৰু ৰাজহ তথা দুৰ্যোগ প্ৰশমন বিভাগৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীয়ে।

তেওঁ চলিত বৰ্ষৰ পৰাই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ হ’ব বুলি মত ব্যক্ত কৰে। ইয়াৰ বাবে অস্থায়ীভাৱে মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত পাঠদান কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে বাক্সা জিলাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে ইতিমধ্যে লোৱা প্ৰস্তাৱ অনুসৰি আজি বাক্সা জিলাৰ তিনিটা স্থানত ভুমিৰ পৰ্যৱেক্ষণ কৰা বুলি জানিব পৰা গৈছে।‌

জিলা খনৰ বৰবৰী, ডাঙাৰমাখাৰ সংৰক্ষিত ভূমি আৰু নাৰায়ণপুৰ- এই তিনিটা স্থানত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি পৰ্যৱেক্ষণ কৰা হয়। উপযুক্ত বুলি বিবেচিত হ’লে শীঘ্ৰেই কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰা হ’ব বুলি পৰ্যৱেক্ষণকাৰীয়ে জানিবলৈ দিয়ে।

আজিৰ এই পৰ্যৱেক্ষণৰ সময়ত কাৰ্যবাহী সদস্য লৌমশ্ৰাও দৈমাৰীক সংগ দিয়ে বিটিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য আগষ্টুচ টিগ্গা, বাক্সা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মুছলপুৰ পৌৰসভাৰ অধ্যক্ষ ৰিনদাও বসুমতাৰী আদিয়ে।

বিশেষ বাৰ্তা, মুছলপুৰ, ১৯ মে’

You might also like