নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি লণ্ডনলৈ শ্ৰীশ্ৰীআউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী

  • আজি লণ্ডন অভিমুখে ৰাওনা হ’ব শ্ৰীশ্ৰীআউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক, কবি সাহিত্যিক ড০ পীতাম্বৰ দেৱ গোস্বামী।
  • ব্ৰিটিছ সাংসদত সত্ৰীয়া সংস্কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰিব ড০ পীতাম্বৰ দেৱগোস্বামীয়ে।
  • প্ৰায় ২৫ মিনিটজোৰা এই ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, দামোদৰদেৱৰ অনুপম সৃষ্টিৰাজি সন্নিৱিষ্ট হ’ব।
  • অহা ১৭ জুনত আছে সত্ৰাধিকাৰগৰাকীৰ এই বিশেষ কাৰ্যসূচী।
  • সত্ৰাধিকাৰজনে লগত এখন গুৰু আসন, হেঙুল হাইতাল লগোৱা বিচনী ব্ৰিটিছ মিউজিয়ামত সংৰক্ষণৰ বাবে লৈ যাব।
  • এইটো হৈছে সত্ৰাধিকাৰজনৰ অষ্টমটো বিদেশ যাত্ৰা।
  • ইয়াৰ পূৰ্বে তেওঁ আমেৰিকা, ছিংগাপুৰ, চীন, ডুবাই, নেপাল আৰু লণ্ডনলৈ গৈছিল।
  • সত্ৰাধিকাৰজনৰ সৈতে সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰীদেৱানন্দ দেৱ গোস্বামীও লণ্ডন অভিমুখে ৰাওনা হ’ব।

ডিজিটেল ডেস্ক, ৯ জুন

You might also like