নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেচ খেলাৰ ২৪ ঘণ্টাৰ ভিতৰত আমেৰিকা এৰিব লাগিব ইৰানে

ডিজিটেল ডেস্ক, ৯ জুন : আসন্ন ফিফা বিশ্বকাপক কেন্দ্র কৰি ভিছা আৰু ভ্রমণৰ বাধাক লৈ আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷ অভিযোগ উত্থাপন হৈছে যে ইৰানৰ দলটোৱে মেচ খেলিবৰ বাবে আমেৰিকালৈ গ’লেও ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ কোৱা হৈছে৷ ফুটবলৰ অজুহাতত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি আশংকা কৰি ড’নাল্ড ট্ৰাম্পৰ দেশখনে এই পদক্ষেপ লৈছে৷

ইৰানক জনোৱা হৈছে যে মেচখনত অংশ লোৱাৰ বাবে পুৱা আমেৰিকালৈ যাব লাগিব আৰু খেলখন শেষ কৰি মেক্সিকোলৈ উভতি যাব লাগিব৷ মেক্সিকোত থকা ইৰানৰ ৰাষ্ট্রদূতগৰাকীয়ে লগতে কয় যে উত্তপ্ত পৰিস্থিতিৰ বাবে দলটোক আমেৰিকালৈ গৈ মেচখন খেলি ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিবলৈ কোৱা হৈছে৷ ইৰানে লজ এঞ্জেলছ আৰু ছিয়াটলত নিজৰ গ্রুপ পর্যায়ৰ মেচ খেলিব৷ ইয়াৰ মাজতে ইৰানৰ দলটোৱে ইতিমধ্যে বিশ্বকাপৰ প্রতি লক্ষ্য ৰাখি মেক্সিকোত উপস্থিত হৈছে৷ ভিছাৰ জটিলতা সন্দর্ভত ইৰানৰ ৰাষ্ট্রদূত আবোলফাজল পাছাণ্ডিদেই তীব্র প্রতিক্রিয়া প্রকাশ কৰি কয় যে আমি পুৱা আমেৰিকাত উপস্থিত হ’ব লাগিব৷ আমি একেদিনাই উভতিও যাব লাগিব৷

তেওঁ অভিযোগ কৰে যে আমেৰিকাই ইচ্ছাকৃতভাৱে নিৰাপত্তাৰ অজুহাতত ইৰানৰ প্রতিনিধিৰ ভ্রমণ জটিল কৰি তুলিছে৷ আনহাতে, আমেৰিকাই কৈছে যে ভিছাৰ প্রক্রিয়া কঠোৰ কৰা হৈছে, যাতে ইৰানে নিজৰ দেশত কেনেবাকৈ ‘উগ্রপন্থী’ প্রৱেশ কৰিব নোৱাৰে৷ যদিও শেহতীয়াকৈ কিছু দ্বিধাবোধৰ অন্তত ইৰানী ফুটবলাৰসকলক ভিছা প্রদান কৰা হৈছে, তথাপি দলটোৰ বহু সহায়ক কর্মচাৰী, প্রশাসক আৰু অন্যান্য সদস্যৰ ভিছা এতিয়াও বাকী আছে৷ এই সন্দর্ভত ইৰানৰ শিবিৰটোৱে অসন্তুষ্টি প্রকাশ কৰিছে৷ স্থানীয় সময় অনুসৰি দেওবাৰে পুৱা মেক্সিকোৰ টিজুয়ানাত উপস্থিত হয় ইৰানৰ দলটো৷ তাত অৱতৰণ কৰাৰ লগে লগে দলটোৰ ডিফেণ্ডাৰ এহছান হাজছাফীয়ে ভিছাৰ বিষয়টোক লৈ পুনৰ আমেৰিকাক সমালোচনা কৰে৷

You might also like