নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ জনপ্ৰিয় দিব্যাংগ কণ্ঠশিল্পী স্বৰ্ণালী দেৱীৰ অকাল বিয়োগ

তেজপুৰৰ এগৰাকী জনপ্ৰিয় দিব্যাংগ কন্ঠশিল্পী স্বৰ্ণালী দেৱীৰ দীঘলীয়া অসুস্থতাৰ পাছত  অকাল বিয়োগ ঘটে৷ উল্লেখযোগ্য যে শাৰীৰিক বাধাগ্ৰস্ততাৰ মাজতো প্ৰবল মানসিক শক্তিৰে জীৱন সংগ্ৰামত প্ৰতিটো পল অতিবাহিত কৰি শেহতীয়াকৈ প্ৰায় দুটাকৈ বছৰ শেতেলীতে জীৱন পাৰ কৰা তেজপুৰৰ নিকটৱৰ্তী নিজ হলেশ্বৰ নিবাসী সৰবৰহী  দিব্যাংগ কন্ঠশিল্পী স্বৰ্ণালী দেৱীৰ অকাল বিয়োগত দিব্যাংগ সুৰক্ষা মঞ্চ অসমে গভীৰ শোক প্ৰকাশ কৰিছে৷

প্ৰনিধানযোগ্য যে উত্তৰ অসম দিব্যাংগ সন্হাৰ সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বতো আছিল সুললিত কন্ঠৰ অধিকাৰী স্বৰ্ণালী৷শাস্ত্ৰীয় সংগীতত বিশেষ দক্ষতা থকা স্বৰ্ণালীৰ প্ৰায় দুবছৰ পূৰ্বে জাপানীজ এন কে ফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ পিছত আৰ্থিকভাৱে পিছপৰা পৰিয়ালটিয়ে চিকিৎসা কৰি কোনোমতে সুস্থ কৰি তুলিছিল৷

কিন্তু সেই ৰোগৰ পৰা সম্পূৰ্ণ আৰোগ্য কৰিবলৈ যথেষ্ট ব্যয় সাপেক্ষ উন্নত চিকিৎসাৰ প্ৰয়োজন আছিল যদিও জীৱন-মৃত্যুৰে যুঁজি থকা স্বৰ্ণালীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰাত তেজপুৰৰ লগতে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে নিজ বাসগৃহতে এখন সংগীত শিক্ষাৰ অনুষ্ঠান গঢ়ি তুলি স্বৰ্ণালীয়ে নিজৰ লগতে পৰিয়ালটিৰ আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি অহা স্বৰ্ণালী নৰিয়া পাটীত পৰাৰ বিগত প্ৰায় দুবছৰতকৈও অধিক সময় পৰিয়ালটি চৰম আৰ্থিক সংকটত পৰে একাংশ ব্যক্তিৰ সামান্য সহায়ৰ বাহিৰে চৰকাৰীভাৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

স্বৰ্ণালীৰ মৃত্যুত দিব্যাংগ সুৰক্ষা মঞ্চ অসম,উত্তৰ অসম দিব্যাংগ সন্হা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাস, শোণিতপুৰ শিল্পী সমাজ, বাণ থিয়েটাৰ, তেজপুৰ সাহিত্য সভা, সাংস্কৃতিক অনুষ্ঠান চাতকৰ লগতে শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱা, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সম্পাদক মনোজ কুমাৰ শইকীয়া, সাংবাদিক সন্থা জাফাৰ শোণিতপুৰ জিলা সমিতিৰ সম্পাদক হেমন্ত কুমাৰ নাথ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

বিশেষ বাৰ্তা, তেজপুৰ, ৯ জুন

You might also like