নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই উদীয়মান যুৱক থিতাতে নিহত

ডিজিটেল ডেস্ক, ৯ জুন : নিশা ডিগবৈত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত দুই উদীয়মান যুৱকৰ থিতাতে মৃত্যু হয়।

নিশা প্ৰায় ১১.৩০ বজাত তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখী  AS-22 B-1390 নম্বৰৰ ৱাগনাৰ  বাহনখন ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত জ্যোতিষ্মান দত্ত আৰু চাহিল হুছেইন থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পিছত বহু সময় ধৰি দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ ভিতৰত আবদ্ধ হৈ পৰে দুই যুৱক। ঘটনাস্থলীত ডিগবৈ আৰক্ষী আৰু ৰাইজ উপস্থিত হৈ  মৃতদেহ উদ্ধাৰ কৰে।

ডিগবৈ মুলীয়াবাৰীৰ বিশিষ্ট ব্যৱসায়ী যতীন দত্তৰ পুত্ৰ জ্যোতিষ্মান দত্ত আৰু ডিগবৈ ইটাভাতাৰ আৰ এছ এৰিয়া নিবাসী ইমৰান হুছেইনৰ পুত্ৰ চাহিল হুছেইনৰ অকাল মৃত্যুত সমগ্ৰ ডিগবৈত শোকৰ ছাঁ পৰে।

You might also like