মোদীৰ ১২ বছৰ সম্পূৰ্ণ : বিকশিত ভাৰত-২০৪৭ৰ লক্ষ্যলৈ আগবাঢ়িছে দেশ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষমতাত থকাৰ ১২ বছৰ আজি সম্পূৰ্ণ হৈছে। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এই ১২ বছৰত দেশে প্ৰথমবাৰ দৰিদ্ৰ কল্যাণ আৰু অভূতপূৰ্ব উন্নয়ন একেলগে আগবাঢ়ি যোৱা দেখিবলৈ পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যম প্লেটফৰ্ম ‘X’ত লিখিছে, ‘নৰেন্দ্ৰ মোদীজীয়ে আজিৰ দিনটোতেই তৃতীয়বাৰ ধাৰাবাহিকভাৱে প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিছিল।’
माननीय श्री @narendramodi जी ने आज के ही दिन तीसरी बार लगातार प्रधानमंत्री पद की शपथ ली थी।
मोदी जी के नेतृत्व में इन 12 वर्षों में देश ने पहली बार गरीब कल्याण और अभूतपूर्व विकास को समांतर रूप से चरितार्थ होते देखा है।
चाहे 80 करोड़ लोगों को निःशुल्क राशन देना हो या देशभर में… pic.twitter.com/lJVSvr55ES
— Amit Shah (@AmitShah) June 9, 2026
অমিত শ্বাহে পোষ্টটোত আৰু লিখিছে, ‘মোদীজীৰ নেতৃত্বত এই ১২ বছৰত দেশে প্ৰথমবাৰ দৰিদ্ৰ কল্যাণ আৰু অভূতপূৰ্ব উন্নয়ন একেলগে আগবাঢ়ি যোৱা দেখিছে। ৮০ কোটি লোকক বিনামূলীয়া ৰেচন প্ৰদানৰ পৰা আৰম্ভ কৰি দেশজুৰি ৯০ৰো অধিক বিমানবন্দৰ আৰু ১৪০ৰো অধিক বন্দে ভাৰত ৰে’ল আৰম্ভ কৰা হৈছে। ৪ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালক পকী ঘৰ দিয়া হৈছে, লগতে ১.৪৫ লাখ কিলোমিটাৰ পথ আৰু ৩০০০ কিলোমিটাৰ আধুনিক এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে। ৫০ কোটি লোকক ৫ লাখ টকাৰ স্বাস্থ্য বীমা আৰু ১০ কোটিৰো অধিক পৰিয়ালক গেছ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ভাৰতক বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত আগবাঢ়ি যোৱা অৰ্থনীতি হিচাপে গঢ়ি তোলা হৈছে।’
গৃহমন্ত্ৰীয়ে আৰু লিখিছে, ‘মোদীজীয়ে নিজৰ অক্লান্ত পৰিশ্ৰমৰ জৰিয়তে এই ১২ বছৰত একোটা দিনো ছুটী নোলোৱাকৈ দেশ আৰু দেশবাসীৰ সেৱা কৰিছে। যেতিয়া নেতৃত্বৰ নীতি স্পষ্ট হয়, লক্ষ্য ৰাষ্ট্ৰীয় স্বাৰ্থ হয় আৰু সমৰ্পণ পূৰ্ণ হয়, তেতিয়াহে এনে পৰিৱৰ্তন সম্ভৱ হয়।’
এই উপলক্ষে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ‘X’ত লিখিছে, “১২ বছৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি সেৱা, সুশাসন আৰু জনকল্যাণক কেন্দ্ৰ কৰি এক নতুন যুগৰ সূচনা কৰিছিল। তেওঁ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ আটাইতকৈ দীঘলীয়া সময় ধৰি সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হ’বলৈ গৈ আছে।”
তেওঁ আৰু লিখিছে, ‘এই সময়ছোৱাত দৰিদ্ৰ কল্যাণ, অন্নদাতা সমৃদ্ধি, নাৰী শক্তিৰ সবলীকৰণ, যুৱসমাজৰ বাবে সুযোগ, স্বাস্থ্য সেৱাৰ উন্নয়ন, ডিজিটেল ৰূপান্তৰ আৰু আধাৰভূত গাঁথনিৰ অভূতপূৰ্ব বিস্তাৰ ঘটিছে। অনুচ্ছেদ ৩৭০ৰ ঐতিহাসিক বিলুপ্তি, শ্ৰীৰাম জন্মভূমি মন্দিৰৰ নিৰ্মাণ আৰু সনাতন সাংস্কৃতিক ঐতিহ্যৰ পুনঃস্থাপনে ৰাষ্ট্ৰীয় গৌৰৱ আৰু আত্মসচেতনতা শক্তিশালী কৰিছে।’
তেওঁ লগতে লিখিছে, ‘এই পৰিৱৰ্তনমূলক যাত্ৰাৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰী মোদীৰ “প্ৰধানসেৱক” ভাবনা আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল প্ৰতিশ্ৰুতি আছে। এই অনুপ্ৰেৰণাৰে আমি সকলোৱে “বিকশিত ভাৰত ২০৪৭”ৰ সপোন বাস্তৱায়িত কৰিবলৈ একেলগে আগবাঢ়ি যোৱাৰ সংকল্প লৈছোঁ।’
নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ জুনত তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিছিল। তেওঁ নিজৰ কাৰ্যকালৰ ৪৩৯৮ দিন সম্পূৰ্ণ কৰি আগতে সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী পদত থকা জৱাহৰলাল নেহৰুৰ অভিলেখো ভাঙিছে।
ডিজিটেল ডেস্ক, ৯ জুন