নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডত মৃত্যু ডাঃ পার্থ গগৈৰ

কংগ্রেছ নেত্রী অমিয়া গগৈৰ পুত্র

নিয়মীয়া বাৰ্তা ১০ অক্টোবৰঃ  দুলীয়াজান সমষ্টিৰ  কংগ্রেছৰ এগৰাকী জ্যেষ্ঠ নেত্রী অমিয়া গগৈৰ বৰপুত্র ডাঃ পার্থ গগৈ (৫৬) ক’ভিডত আক্রান্ত হৈ আজি পুৱতি নিশা মৃত্যু হয়৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ জ্যেষ্ঠ মাণ্ডলিক স্বাস্থ্য সঞ্চালকৰূপে ড০ পার্থ গগৈয়ে কার্যনির্বাহ কৰি আছিল৷ ডায়েবেটিছ ৰোগত ভুগি থকা চিকিৎসক পার্থ গগৈৰ দেহত ক’ভিড ৰোগৰ লক্ষণ দেখি যোৱা ৬ অক্টোবৰ দিনাই গুৱাহাটীৰ পৰা দিল্লীস্থ মেডাণ্টা মেডিক্লিনিকলৈ এয়াৰ এম্বুলেঞ্চৰ দ্বাৰা তেওঁক প্রেৰণ কৰা হয়৷ কিন্তু শুকুৰবাৰে পুৱতি নিশা ৩ বজাত উক্ত হাস্পতালতে ড০ গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ আজি নিশা ৮ বজাত তেওঁৰ নশ্বৰদেহ বিমানযোগে গুৱাহাটীলৈ আনি প্রশাসনৰ সহযোগত নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰিব বুলি পৰিয়ালৰ সূত্রই জানিবলৈ দিছে৷ কংগ্রেছী নেত্রী অমিয়া গগৈৰ তিনি পুত্রৰ ভিতৰত ডাঃ পার্থ গগৈ আছিল জ্যেষ্ঠ আৰু ভৱিষ্যতে এইগৰাকী পুত্রই মাতৃৰ পদাংক অনুসৰণ কৰি ৰাজনৈতিক ক্ষেত্রখনত ভৰি দিয়াৰ যথেষ্ট সম্ভাৱনা আছিল৷ সেই অনুসৰি ২১ৰ বিধানসভা নির্বাচনৰ বাবে দুলীয়াজান সমষ্টিৰ পৰা কংগ্রেছৰ সম্ভাব্য প্রার্থী হিচাপেও ব্যাপক চর্চিত হৈছিল ডাঃ পার্থ গগৈৰ ইতিবাচক চিন্তাধাৰাক সুঁৱৰি তেওঁৰ মৃত্যুত কেন্দ্রীয় খাদ্য আৰু সংসাধনৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী আৰু দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা প্রমুখ্যে দুলীয়াজান মণ্ডল বিজেপি সভাপতি সুদর্শন বসুমতাৰীয়ে গভীৰ শোক প্রকাশ কৰি আত্মাৰ সদ্গতি কামনা কৰে৷ মৃত্যুৰ সময়ত ডাঃ গগৈয়ে সহধর্মিণীসহ একমাত্র চিকিৎসক পুত্রৰ উপৰি মাতৃ, দুই ভ্রাতৃসহ বোৱাৰী, ভতিজা আদি বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি গৈছে৷ আনহাতে চৰকাৰ তথা স্বাস্থ্য বিভাগে ডাঃ পার্থ গগৈৰ চিকিৎসাৰ ক্ষেত্রত ভালেখিনি সহায়–সহযোগ আগবঢ়োৱা বুলি উল্লেখ কৰি পৰিয়ালবর্গই অসম চৰকাৰলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

You might also like