অভিনয় জগতৰ পৰা অৱসৰ ল’ব বিগ বিয়ে

নিউজডেস্ক, ২৯ নৱেম্বৰঃ পাঁচ দশকজোৰা বৰ্ণাঢ্য অভিনয় জীৱনৰ পৰা অৱসৰ লোৱাৰ চিন্তা কৰিছে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে । জীৱন্ত কিংবদন্তি এই মহান অভিনেতাজনে কেৱল সপ্ৰতিভভাৱে অভিনয় কৰি অহাই নহয়, ছ’চিয়েল মিডিয়াতো সদায় সক্ৰিয় হৈ থাকে । লগতে তেওঁ টুইটাৰত নিয়মীয়াভাৱে ব্লগ লিখি আহিছে । এটা শেহতীয়া ব্লগত তেওঁ অভিনয় জগতৰ পৰা অৱসৰ ল’বলাগিব বুলি কোৱাত লাখ লাখ অনুৰাগী দুঃখিত হৈ পৰে । য’ত তেওঁ অৱসৰক কেন্দ্ৰ কৰি হৃদয় আৰু বিবেকৰ টনা-আঁজোৰাৰ কথাও ব্যক্ত কৰিছে । এটা ব্লগত বিগ বিয়ে লিখিছে- ‘মই অৱসৰ ল’ব লাগিব…বিবেকে চিন্তা কৰে বেলেগ এটা কিন্তু শৰীৰে বিচাৰে অন্য…।’ আনহাতে অমিতাভ বচ্চনৰ অৱসৰৰ এই সম্ভাৱনাক লৈ এতিয়া অনুৰাদীৰ মাজত ব্যাপক চৰ্চা চলিছে ।

Amitabh BachchanFeatured