অসমৰ প্ৰতিখন জিলাত একে সময়তে ‘গৰু’ৰ পোষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ এজনী মুগা ৰঙৰ গাইগৰু হেৰুৱাক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক আলোচনা হোৱাৰ লগতে অসমৰ সংবাদ মাধ্যমতো খবৰটোৱে চৰ্চা লাভ কৰিছিল । অৱশেষত সকলোৱে জানিব পাৰিলে যে এয়া এখন চিনেমাৰ প্ৰচাৰহে আছিল । ক্ৰেয়ন ট্ৰী প্ৰডাকচনে নিবেদন কৰা নৱতম অসমীয়া ভাষাৰ চিনেমা ‘গৰু’ৰ প্ৰচাৰ এইদৰেই আৰম্ভ হৈছিল । ইতিপূৰ্বে হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা ‘ছাকিৰা আহিব বকুল তলৰ বিহুলৈ’ নামৰ চিনেমাখনে অসমৰ দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰাৰ পাছত ক্ৰেয়ন ট্ৰী প্ৰডাকচনে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মাণ কৰি উলিয়ালে ‘গৰু’ ।

সোমবাৰে সমগ্ৰ অসমতে একে সময়তে মুকলি কৰি দিয়া হয় চিনেমাখনৰ প্ৰথমখন পোষ্টাৰ । এই চিনেমাখনৰ প্ৰথমখন পোষ্টাৰ মুকলিত দাসক সঁহায় কৰে অসমৰ চিনেমা ভালপোৱা নৱপ্ৰজন্মই । প্ৰতিখন জিলাতে দিনৰ ১১ বজাত যুৱক-যুৱতীসকলে মুকলি কৰি দিয়ে চিনেমাখনৰ পোষ্টাৰ । ইপিনে এক সময়তে ছ’চিয়েল মিডিয়াতো মুকলি কৰি দিয়া হয় পোষ্টাৰখন । উল্লেখ্য যে গীতা পাঠকে প্ৰযোজনা কৰা ‘গৰু’ নামৰ চিনেমাখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু প্ৰসাদ দাসৰ লগতে উদয় ভাস্কৰ পাটৰ আৰু চাহজাহানৰ ।

Featured