আজি ছবিগৃহলৈ আহিব ‘ইপাৰ-সিপাৰ’

যুৱ সাংস্কৃতিক কৰ্মী লতা বৰদলৈৰ প্ৰযোজনা আৰু প্ৰণৱজ্যোতি ভৰালীয়ে পৰিচালনা কৰা ছবিখন প্ৰথম পৰ্যায়ত ৩৫ টা ছবিগৃহত মুক্তি লাভ কৰিব ।

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ বাবে সুখবৰ । চলিত বৰ্ষত জুবিন গাৰ্গৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ আদিয়ে বিশেষ সফলতা লাভ কৰি অসমীয়া ছবি জগতলৈ সুখৰ দিন ঘূৰাই অনাৰ পিছতেই শুকুৰবাৰে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি  ‘ইপাৰ-সিপাৰ’ । মূলতঃ অসমীয়া সমাজ জীৱনৰ গ্ৰাম্য পটভূমিত নিৰ্মাণ কৰা হৈছে ছবিখন । বিভিন্ন সমস্যাৰে জৰ্জৰিত গ্ৰামাঞ্চলৰ যুৱক-যুৱতীৰ অকৃ্ত্ৰিম প্ৰেমগাঁথা, ৰোমাঞ্চ, নৃত্য-গীত আৰু মনোমোহা লোকেচনেৰে পৰিয়ালৰ উপভোগ্য হ’ব ‘ইপাৰ-সিপাৰ’ ছবিখন । যুৱ সাংস্কৃতিক কৰ্মী লতা বৰদলৈৰ প্ৰযোজনা আৰু প্ৰণৱজ্যোতি ভৰালীয়ে পৰিচালনা কৰা ছবিখন প্ৰথম পৰ্যায়ত ৩৫ টা ছবিগৃহত মুক্তি লাভ কৰিব ।

উল্লেখ্য যে এই ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ, পল ফুকন, উদয়ন দুৱৰা, কাশ্মীৰী শইকীয়া, মিণ্টু বৰুৱা, চাজু আহমেদ আদিয়ে ।

Assamese film industryAssamese upcoming movieFeatured