আজি মুক্তি পালে বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ আশাৰ বাৰ্তা কঢ়িয়াই অনা ‘কাঞ্চনজংঘা’, ‘ৰত্নাকৰ’ আৰু ‘আমিষ’ৰ পিছত শুকুৰবাৰে মুক্তি লাভ কৰিলে দৰ্শকৰ বহু প্ৰতিক্ষিত ছবি ‘প্ৰতিঘাত’-এ। মুক্তিৰ পূৰ্বেই ইতিমধ্যে চলচ্চিত্ৰ প্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰা ছবি ‘প্ৰতিঘাত’ৰ পৰিচালক হৈছে অচিন্ত্য শংকৰ। ইপিনে ‘প্ৰতিঘাত’ ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, অমৃতা গগৈ, দিগন্ত হাজৰিকা, পদ্মৰাগ গোস্বামী, জলী লস্কৰ, শিশু শিল্পী আশ্ৰমিকা শইকীয়াকে ধৰি বহু প্ৰবীণ শিল্পীয়ে। ইপিনে মুক্তিৰ প্ৰথম দিনাই দৰ্শকৰ বিপূল সঁহাৰি লাভ কৰা ছবিখনৰ পৰিচালক অচিন্ত্য শংকৰে অসমৰ সকলো ৰাইজকে ছবিগৃহলৈ আহি ছবিখন উপভোগ কৰিবলৈ আহ্বান জনাইছে । ইয়াৰ লগতে ছবিখনৰ গীতত কণ্ঠ নিগৰোৱা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গেও সকলোকে ছবিখন চাবলৈ আহ্বান জনাইছে। উল্লেখ্য যে দৰ্শক ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যে টিম প্ৰতিঘাতে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত প্ৰচাৰ চলাইছিল ।

Assamese film industryFeatured
Comments (0)
Add Comment