আঠ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ অভিনেত্রী পায়েলক

নেহৰু–গান্ধী পৰিয়ালৰ বিৰুদ্ধে বিতর্কিত মন্তব্য

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ নেহৰু–গান্ধী পৰিয়ালৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াৰ বিতর্কিত মন্তব্যৰে বিভিন্ন মহলত সমালোচনাৰ সন্মুখীন হোৱা অভিনেত্রী পায়েল ৰ’হাট্গীক আঠ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা হৈছে ৷ ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা প্রায় দুশ কিলোমিটাৰ নিলগৰ বুন্দীৰ এখন আদালতে সোমবাৰে ৰ’হাট্গীৰ জামিন আবেদন অগ্রাহ্য কৰিছে ৷

উল্লেখনীয় যে নেহৰু–গান্ধী পৰিয়ালৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ পাছতে অভিনেত্রীগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিছিল এগৰাকী কংগ্রেছ নেতাই ৷ দেওবাৰে ৰ’হাট্গীক আৰক্ষীয়ে আহমেদাবাদৰ পৰা ৰাজস্থানলৈ আনিছিল ৷ বুন্দীত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সোমবাৰে পুৱাৰ ভাগত গ্রেপ্তাৰ কৰে অভিনেত্রীগৰাকীক ৷ ইয়াৰ পাছতে স্থানীয় আদালতত হাজিৰ কৰোৱা হয় অভিনেত্রী ৰ’হাট্গীক ৷

লক্ষণীয়ভাৱে অভিনেত্রীগৰাকীয়ে আদালতত জামিন বিচাৰি আবেদন জনায় যদিও এই আবেদন অগ্রাহ্য কৰা হৈছিল ৷ উল্লেখনীয় যে যোৱা দুই অক্টোবৰত ৰাজস্থান যুৱ কংগ্রেছৰ সাধাৰণ সম্পাদক চর্মেশ শর্মাৰ অভিযোগৰ ভিত্তিত বুন্দী আৰক্ষীয়ে অভিনেত্রী পায়েলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ যোৱা ৬ আৰু ২১ ছেপ্টেম্বৰত অভিনেত্রীগৰাকীয়ে ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্রামত নেহৰু–গান্ধী পৰিয়ালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য আগবঢ়াইছিল ৷

Featured
Comments (0)
Add Comment