কিয় ৰেখাৰ প্ৰেম অস্বীকাৰ কৰিছিল অমিতাভে ? মুখ খুলিলে ৰেখাইঃ

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বিগ বি অমিতাভ বচ্চন আৰু ৰেখাৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৭৬ চনৰ ‘দো আনজানে’ৰ শ্বুটিং ছেটত । তাৰ পৰৱৰ্তী সময়ত ‘চিলচিলা’কে ধৰি একাধিক ছবিত দুয়ো স্ক্ৰীন ‘শ্বেয়াৰ’ কৰিছিল । ইপিনে দুয়ো বলীউড দৰ্শকৰ মাজত জনপ্ৰিয় হৈছিল অন্যতম ৰোমাণ্টিক যুটি হিচাপে । নিজৰ গোপন সম্পৰ্কক লৈ কোনোদিনে মুখ নুখুলিলেও ‘বি টাউন’ত তেওঁলোকক লৈ আজিও অব্যাহত আছে চৰ্চা ।

অমিতাভ আৰু ৰেখাৰ নিভাঁজ প্ৰেমৰ সম্পৰ্কৰ মাজত এনে কি এখন দেৱাল আছিল যে সেই সম্পৰ্ক বিগ বিয়ে অস্বীকাৰ কৰিবলৈ বাধ্য হৈছিল । শেহতীয়াকৈ ‘বলীউড শ্বাহী ডট কম’ত প্ৰচাৰিত খবৰত ৰেখাৰ এটা সাক্ষাৎকাৰৰ উদ্ধৃতিৰে কৈছে- অমিতাভে ৰেখাৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক অস্বীকাৰ কৰিছিল একমাত্ৰ পত্নী-সন্তান আৰু পৰিয়ালৰ বাবেই । সম্পৰ্ক অস্বীকাৰ কৰি অমিতাভে যি কৰিছিল, সেই লৈ মনৰ ব্যথা মুকলিকৈ কোনোকালে প্ৰকাশ কৰা নাছিল ৰেখাই । আনকি ৭০ দশকৰ সেই মধুৰ সম্পৰ্ক অমিতাভে অস্বীকাৰ কৰাৰ পাছতো বন্ধু মহল, বহু অনুৰাগীয়ে ৰেখালৈ পুতৌভৰা দৃষ্টিৰে চাইছিল । তেনে বিষয়ক লৈও কোনোদিনে মনোকষ্টত ভোগা নাই বা একো মানসিক ক্ষতিৰ সন্মুখীন হোৱা নাছিল বুলিও সাক্ষাৎকাৰটোত স্পষ্ট কৰিছে বৰ্ষীয়ান মোহময়ী অভিনেত্ৰী ৰেখাই ।

যি কি নহওক বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য কিন্তু অভিনেত্ৰীগৰাকীক বহু পচন্দ কৰে । বিগত সময়ত বহু অনুষ্ঠানত ঐশ্বৰ্যই ৰেখাক মা বুলি সম্বোধন কৰা দেখা গৈছে । কিন্তু কিয় ? এনে প্ৰশ্নক লৈও সম্প্ৰতি বি টাউনত তীব্ৰ কৌতুহল অব্যাহত আছে ।

Amitabh-Rekha's untold love storyFeatured