বলীউডত অজয় দেৱগনৰ শততম ছবি তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ

তনাজিঃ দ্য আনচাং ৱাৰিঅ'ৰৰ 'ফাৰ্ষ্ট লুক' পোষ্টাৰ মুকলি হোৱাৰ পাছতেই ছবিপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । কেৱল ছবিপ্ৰেমীৰ মাজতেই নহয় এই ছবিখনক লৈ বলীউডৰ আন তাৰকাসকলেও অজয় দেৱগনক শুভেচ্ছা জনাইছে ।

নিউজডেস্ক, ১৭ নৱেম্বৰঃ ছত্ৰপতি শিৱাজীৰ ৰাজত্বকালত সংঘটিত এখন যুদ্ধ, এক বাস্তৱ কাহিনীৰ ভিত্তিত বলীউডত শেহতীয়াভাৱে নিৰ্মাণ চলি আছে এখন বিগ বাজেটৰ ছবি- তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ । ঐতিহাসিক পটভূমিত নিৰ্মিত ছবিখনৰ মুখ্য ভূমিকাত দেখা যাব বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগনক । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ছবিখন হ’ল অজয় দেৱগনৰ বলীউড কেৰিয়াৰৰ শততম ছবি । ইতিমধ্যে ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ প্ৰকাশ পাইছে ।

বলীউডত অজয় দেৱগনৰ শততম ছবি তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ

ইপিনে তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰত অজয় দেৱগনৰ প্ৰতিপক্ষ হিচাপে উদয়ভানৰক ৰাথোৰৰ চৰিত্ৰত দেখা যাব ছঈফ আলী খানক । ইফালে তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰৰ ‘ফাৰ্ষ্ট লুক’ পোষ্টাৰ মুকলি হোৱাৰ পাছতেই ছবিপ্ৰেমীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । কেৱল ছবিপ্ৰেমীৰ মাজতেই নহয় এই ছবিখনক লৈ বলীউডৰ আন তাৰকাসকলেও অজয় দেৱগনক শুভেচ্ছা জনাইছে । শ্বাহৰুখ খানে ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ শ্বেয়াৰ কৰি লিখিছে- “বন্ধু, তোমাৰ পৰৱৰ্তী আৰু শততম ছবিৰ বাবে উৎসাহেৰে অপেক্ষা কৰি আছো ।”


উল্লেখ্য যে মাৰাঠা বীৰ তানাজি আছিল ছত্ৰপতি শিৱাজীৰ ঘনিষ্ঠ বন্ধু । তানাজিৰ সাহসিকতাৰ কথা মাৰাঠীসকলৰ মুখে মুখে প্ৰচলিত আছিল যদিও সেই বীৰগাথা কাহিনীৰ ভিত্তিতেই নিৰ্মাণ কৰা হৈছে তনাজিঃ দ্য আনচাং ৱাৰিঅ’ৰ । অহাবৰ্ষৰ ১০ জানুবাৰীত ছবিগৃহলৈ আহিবলগীয়া এই ছবিখনত অজয় দেৱগনৰ বিপৰীতে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে কাজলে ।

Ajay DevganTANHAJIUpcoming Bollywood movie