বাদ পৰিল পাক গায়ক ৰাহাত ফাতেহ আলীৰ গান

পাকিস্তানটো নিষিদ্ধ ভাৰতীয় ছবি

ছলমান খানৰ দাবাং থ্ৰীত শুনা নাযাব পাকিস্তানী গায়ক ৰাহাত ফাতেহ আলী খানৰ গান। ভাৰত আৰু পাকিস্তানৰ মাজত অব্যাহত আৰু উত্তেজনাৰ পৰিপ্ৰেক্ষিততেই ছলমান খানৰ দাবাং ছিৰিজৰ এই ছিকুৱেল ছবিখনৰ পৰা পাক গায়কগৰাকীৰ গান বাদ দিয়া বুলি শেহতীয়াকৈ জানিব পৰা গৈছে। প্ৰকাশিত তথ্য অনুসৰি পুলৱামা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত ভাৰত পাকিস্তানৰ মাজত উত্তাপ বৃদ্ধি হয়। ইয়াৰ পিছতেই পাকিস্তানী শিল্পীক বলীউদত নতুন প্ৰজেক্ট আৰম্ভ কৰিব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনহাতে পাকিস্তানতো নিষিদ্ধ ভাৰতীয় ছবি অথবা ধাৰাবাহিকৰ প্ৰদৰ্শন।