বীৰেন সিংহক আদ্য শৰ্মা স্মাৰক বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ বিশিষ্ট চিত্ৰ ভাস্কৰ্য শিল্পী বীৰেন সিংহক গুৰুজী আদ্য শৰ্মা স্মাৰক বঁটা- ২০১৯ প্ৰদান কৰা হয় । বৃন্দাবন থিয়টাৰে নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সহযোগত এই বঁটা প্ৰদান কৰে । দেওবাৰে সন্ধিয়া ৮.৩০ বজাত ৰাস মহোৎসৱস্থলীৰ মূল মণ্ডপত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হয় । উক্ত বঁটাত স্মাৰক, চেলেং, জাপি, অসমীয়া গামোচা আৰু নগদ পঁচিশ হাজাৰ টকা প্ৰদান কৰা হয় । বঁটা প্ৰদান অনুষ্ঠানত নলবাৰীৰ বিধায়ক অশোক শৰ্মা, উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী, হৰি মন্দিৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাণেশ্বৰ দাস, সম্পাদক নগেন ডেকা , বৃন্দাবন থিয়েটাৰৰ প্ৰযোজক বংকিম ৰায় মেধি, সমাজকৰ্মী গণেশ ৰায় মেধি, নৰেশ্বৰ দাস আদি উপস্থিত থাকে ।

Featured