শীঘ্ৰেই ৰীমা দাসৰ ‘ছানছাইন ড্ৰীমাৰ্ছ’ৰ প্ৰিমিয়াৰ

নিয়মীয়া বাৰ্তা,১৬ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নিৰ্মাতা অসম কন্যা ৰীমা দাসৰ নতুন ছবি ‘ছানছাইন ড্ৰীমাৰ্ছ’ৰ শীঘ্ৰেই প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব । ব্ৰাজিলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ছবি পৰিচালকগৰাকীয়ে সদৰী কৰিছে এই তথ্য । উল্লেখ্য যে, ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সমন্বিত পদক্ষেপত গ্ৰহণ কৰা হৈছে ‘কিডছ এণ্ড গ্ল’ৰী’শীৰ্ষক এক প্ৰকল্প । এই প্ৰকল্পৰ অধীনত ব্ৰিকছৰ অধীন ৰাষ্ট্ৰসমূহৰ একোগৰাকী খ্যাতিসম্পন্ন ছবি নিৰ্মাতাই বিশেষ বিষয়বস্তুৰ ওপৰত ছবি নিৰ্মাণ কৰিছে । ৰীমা দাসে এই প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ‘ছানছাইন ড্ৰীমাৰ্ছ’ নামৰ ছবিখনৰ জৰিয়তে উদীয়মান ক্ৰিকেটাৰৰ সপোন-আকাংক্ষাক প্ৰতিফলিত কৰিছে । মুম্বাইৰ একাংশ ১৪ বৰ্ষৰ অনুৰ্ধৰ ক্ৰিকেটাৰৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন । অৱশ্যে ব্ৰিকছৰ আন সদস্যসকলে ফুটবলক ভিত্তি কৰি ছবি নিৰ্মাণ কৰিছে । ব্ৰাজিলৰ অনুষ্ঠানত ৰীমা দাসে এই প্ৰকল্পত অংশীদাৰ হ’বলৈ সুযোগ দিয়াৰ বাবে প্ৰযোজক লু চুৱানাক কৃতজ্ঞতা জ্ঞাপন কৰে । দাসে কয় যে , এনেধৰণৰ সাংস্কৃতিক আদান-প্ৰদানৰ কাৰ্যসূচীয়ে পাৰস্পৰিক সম্পৰ্ক আৰু সহযোগিতা অধিক দৃঢ় কৰিব ।

ভিন্ন দেশৰ ছবি নিৰ্মাতা সকলৰ সৈতে ৰীমা দাস