ৰাণুৰ সৌন্দৰ্যক লৈ দেশজুৰি তীব্ৰ চৰ্চা; পিচে এইবাৰ সৌন্দৰ্যক লৈ চৰ্চা কিয় ?

নিউজডেস্ক, ১৭ নৱেম্বৰঃ দেশজুৰি পুনৰবাৰ চৰ্চা লাভ কৰিছে ছ’চিয়েল মিডিয়াযোগে জনপ্ৰিয় হৈ পৰা ন-চেলিব্ৰেটি ৰাণু মণ্ডল । সঘনাই চৰ্চালৈ অহা ৰাণু মণ্ডল পিচে এইবাৰ চৰ্চালৈ অহাৰ কাৰণটো বেলেগ । উত্তৰ প্ৰদেশৰ এখন বিউটিপাৰ্লাৰৰ মুকলিৰ বাবে যোৱা ৰাণুৰ এখন বিশেষ ফটো এতিয়া ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হৈ পৰিছে । অত্যাধিক মেক-আপ লোৱা ৰাণুৰ মুখমণ্ডলৰ সৈতে উঠা সেই বিশেষ ফটোখনক দেখি সকলোলোকেই ছ’চিয়েল মিডিয়াত নিজৰ মন্তব্য আগবঢ়াইছে । বিশেষকৈ বহু লোকেই ফটোখনক প্ৰচাৰ কৰি হাস্যৰসৰ সৃষ্টি কৰিছে । ইপিনে কিছুসংখ্যকে ৰাণুৰ এই ভয়াবহ মেক-আপক কোনো ভূতৰ চিনেমাৰ ভয়লগা চেহেৰাৰ সৈতে তুলনা কৰিছে ।

টুইটাৰ যোগে এজন লোকৰ হাস্যকৰ মন্তব্য

উল্লেখ্য যে ইয়াৰ কিছুদিন পূৰ্বে ৰাণুক এগৰাকী অনুৰাগীয়ে ছেল্ফী উঠিবলৈ হাতেৰে চোৱাক লৈ ৰাণুৱে অদ্ভুত আচৰণ কৰিছিল আৰু পাচত এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ।