ক’ভিড ১৯-ত আক্রান্ত অভিনেত্রী মালাইকা অৰোৰা, অভিনেতা অৰ্জুন কাপুৰ

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল মালাইকা আৰোৰা। কোভিড ১৯-ত আক্রান্ত হ’লেও, মালাইকাৰ শৰীৰত নাই কোনো উপসর্গ। ফলত নিজ গৃহতে কোৱাৰেণ্টাইন হৈ আছে অভিনেত্রীগৰাকী।

ৰিপ’র্টত প্রকাশ পোৱা মতে, মালাইকা যি ৰিয়েলিটি শ্ব’ৰ বিচাৰক হিচাপে উপস্থিত আছিল, সেই অনুষ্ঠানৰ বহুকেইজন লোকৰ দেহত পোৱা গৈছিল ক’ৰোনাত আক্রান্তৰ খবৰ। অৱশ্যে বৰ্তমান অভিনেত্রীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

আনহাতে দেওবাৰে ছ’চিয়েল মিডিয়াযোগে ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ কৰিছে অভিনেতা অর্জুন কাপুৰেও।