তিতাবৰত নতুন অসমীয়া কথাছবি ‘ৰুদ্ৰ’ৰ শ্বুটিং আৰম্ভ

নিয়মীয়া বাৰ্তা, ২২ মে’ : ‘ঈশ্বৰৰ নাম লৈ তিতাবৰত প্ৰথম দিনাৰ শ্বুটিং আৰম্ভ কৰা হৈছে। ৰাইজক এইটোৱেই জনাব বিচাৰোঁ যে অলপ সময় লাগিব, কিন্তু আমি ভাল কাম কৰিম। তেওঁলোকে আমাৰ আশীৰ্বাদ কৰক। আগতে যেনেকৈ সদায় আশীৰ্বাদ কৰি আহিছে। ‘ৰুদ্ৰ’ বুলি কোৱাৰ লগে লগে আচলতে একচন ফিল্ম এখনৰ কথা কোৱাৰ লগে লগে আমি গমেই পাওঁ যে কি ধৰণৰ সংঘাত হ’ব পাৰে। আমাৰ অসমীয়া ল’ৰাবোৰ হাইদৰাবাদত চাকৰি কৰি থকাটোৰ কিছু ইচ্ছুচ ইয়াত উত্থাপন কৰিছে স্ক্ৰীপ্ট ৰাইটাৰে, পৰিচালকে। গতিকে এই ছবিখন ৰাইজে ভাল পাব বুলি মই খুবেই আশাবাদী’- এই মন্তব্য অভিনেতা ৰবি শৰ্মাৰ। তিতাবৰত আৰম্ভ হোৱা অসমীয়া ছবি ‘ৰুদ্ৰ’ৰ স্বুটিং স্থলীতে সংবাদ মাধ্যমৰ আগত এইদৰে কয় অসমীয়া ছবি জগতৰ বলিষ্ঠ আৰু সমাদৃত অভিনেতা ৰবি শৰ্মাই। অভিনেতাগৰাকীয়ে আৰু কয় যে প্ৰডিউচাৰ সকলৰো যথেষ্ট হেপাহ, আগ্ৰহ আছে। খুব আগ্ৰহী প্ৰডিউচাৰ যেতিয়া থাকে স্বুটিংখিনি, সময়খিনি নিয়াৰিকৈ পাৰ কৰাই দিয়ে। দ্বিতীয়তে যিসকল অভিনেতা-অভিনেত্ৰী আছে, জয় কাশ্যাপ আছে, তেওঁ বহু বছৰ আগতেই মোৰ লগত কাম কৰিছিল। এইটো দ্বিতীয় কাম। মুখ্য চৰিত্ৰত যিগৰাকী নায়িকা আছে তেওঁ আগতে কাম কৰিছে। এতিয়া বহল ভাৱে কাম কৰিম। নবাগতা বহুত আছে। নবীন-প্ৰবীণ শিল্পীৰ এটা সুন্দৰ সমাহাৰ। গতিকে ছবিখন চাই ৰাইজে খুব ভাল পাব বুলি বিশ্বাসী বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে অভিনেতা ৰবি শৰ্মাই। উল্লেখ্য যে অভিনেতা ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে অভূতপূৰ্ব সাফলতা লাভ কৰাৰ পিছত এইবাৰ অভিনেতাগৰাকীৰ মূল অভিনয়ৰে পুণৰ আহি আছে ‘ৰুদ্ৰ’ নামৰ এখন ছবি। শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’ব লগা ছবিখনৰ তিতাবৰত দৃশ্যগ্ৰহণ আৰম্ভ হয়। যোৱা ১০ মে’ত শুভ মুহুৰত সম্পন্ন হোৱা ছবিখনৰ প্ৰথম দৃশ্যগ্ৰহণ তিতাবৰৰ বসুন্ধৰা ক্ষেত্ৰত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ আৰু আশীৰ্বাদেৰে আৰম্ভ হয়। সম্পূৰ্ণ একচন থ্ৰিলাৰ কথাছবি ‘ৰুদ্ৰ’ত ৰবি শৰ্মাৰ লগতে বিশিষ্ট অভিনেতা আদিল হুছেইন, জয় কাশ্যপ, অভিনেত্ৰী নন্দিনী কাশ্যপকে ধৰি বহু কেইগৰাকী নবীন-প্ৰবীণ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিব। কথাছবিখনৰ পৰিচালক ৰূপে থাকিব ৰূপক গগৈ। প্ৰয়োজক হিচাপে আছে ৰাজেশ কুমাৰ ম’ৰ, ৰুদ্ৰজিৎ মজুমদাৰ, অৰবিন্দ গাৰোডিয়া, অ’ পি গাৰোডিয়া, গৌতম বেৰীয়া, অনুপ বেৰীয়া, মনোজ কুমাৰ ডেকা আদি। তিতাবৰৰ বিভিন্ন মনোমোহা ঠাইত দৃশ্যগ্ৰহণ কৰাৰ লগতে মেঘালয় আৰু অসমৰ বাহিৰতো দৃশ্যগ্ৰহণ হ’ব। বছৰৰ শেষৰ ফালে ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা বুলি জানিব পৰা গৈছে। ছবিখন ৰাইজে আঁকোৱালি লব বুলি আশাবাদী ‘ৰুদ্ৰ’ৰ পৰিয়ালবৰ্গ।

প্ৰেৰক অজয় শইকীয়া

Featured