২৭ ছেপ্টেম্বৰত ছবিগৃহলৈ নতুন অসমীয়া ছবি ভূত জলকীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ছেপ্টেম্বৰঃ “ভূত জলকীয়া” এখন অসমীয়া থ্ৰিলাৰ। চিনেমাৰ কাহিনী ভাগ আগবাঢ়ে জীৱন আৰু মাইনু নামৰ দুজন মানুহে কৰা এটা ৰোমাঞ্চকৰ যাত্ৰাক লৈ, যত তেওঁলোক দুজনৰে জীৱনৰ এটা কলা অধ্যায় আছে, এটা কলা অতীত। এনেকুৱা এটা অতীত যাৰ কাৰণে অসম আজিও দাগী। চিনেমাখনত জীৱনৰ চৰিত্ৰত অভিনয় কৰিছে মিন্টু বৰুৱাই আৰু মাইনুৰ চৰিত্ৰটো ৰূপায়ন কৰিছে অতনু মহন্তই। লগতে অভিনয় কৰিছে ত্ৰিবেণী গগৈ, ভায়লীনা বৰদলৈ, অদৃতা পৰসা মহন্ত, জয়শ্ৰী ভূঞা, তাৰুলতা দাস, দ্বীপ কুমাৰ কলিতা আৰু বিশাল ওজাই । লগতে আছে নয়ন বৰদলৈ, ৰাজতিলক ডেকা, গৌতম পাঠক, জয়শ্ৰী ভূঞা, ভূপেন শৰ্মা, বৰ্ণালী কাকতি, ভাৰ্গৱ বৰা, ঋণজুমনি নেওগ আৰু খঞ্জন ভট্টাচাৰ্য। অৰুণাচলৰ মনোমোহা টিপি, জামুগুৰি আৰু তেজপুৰত চিনেমাখনৰ দৃশ্যগ্ৰহন কৰা হৈছে। চিনেমাখনৰ ৪টা গান আছে আৰু গানকেইটাৰ সংগীত কৰিছে ক্ৰমে শুভ দাস, দা জেমিং বাদিছ আৰু অপৰাজিত শ্ৰীছ। অপৰাজিত চিনেমাখনৰ আৱহ সংগীতৰ দায়িত্বতও আছে। গানকেইটাত কণ্ঠদান কৰিছে ৰূপম ভূঞা, ঋষি বৰা, উদ্দীপনা গোস্বামী, অলিম্পন চৌধুৰী আৰু আকাশদ্বীপ বাউটি। চিনেমাখনৰ কাৰিকৰী দিশৰ কথা ক’ব গলে পাপু ডেকা চিনেমাটোগ্ৰাফিৰ দায়িত্বত আছে। শব্দ সজ্জা কৰিছে দেৱজিত গায়নৰ। লোকেচন ছাউণ্ড কৰিছে দিকি শইকীয়া আৰু ৰাজতিলক ডেকা। সম্পাদনা কৰিছে হিৰকজ্যোতি পাঠকে। ডি আই কৰিছে ৰতন শিল শৰ্মাই। চিনেমাখনৰ পোষ্টাৰ ডিজাইন কৰিছে তন্ময় কাকতি, মাৰ্কেটিঙৰ দ্বায়িত্বত আছে প্ৰিয়ংকা বৰুৱা। অনলাইন এডিটিং ভাস্কৰ ভূঞাৰ। চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য চিন্ময় শৰ্মাৰ। ডাইলগ লিখিছে নীল বৰ্মন আৰু চিন্ময় শৰ্মাই। পৰিচালক চিন্ময়ৰ এইখন দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ ছবি। ইয়াৰ আগতে তেওঁ ৰীল ড্ৰামাৰ কাৰণে “এজনী ছোৱালী” বুলি এখন চিনেমা ৰচনা আৰু পৰিচালনা কৰিছে। ইয়াৰ আগতে “ককাইদেউ বিন্দাচ” বুলি এখন চিনেমাৰ তেওঁ কাহিনী আৰু চিত্ৰনাট্য লিখিছিল। চিনেমাখনৰ সহ পৰিচালক নীল বৰ্মন আৰু পৰিচালনা টিমত আছে কীশালয় বুজৰবৰুৱা, নয়ন বৰদলৈ আৰু নীতিশ কাশ্যপ।

Featured