অসমত জিএছটি সংগ্রহ ২০.৭৮% বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ৰাজ্যৰ বিত্তমন্ত্রী ড০ শর্মাই যোৱা ডিচেম্বৰ মাহত অসমৰ জিএছটিৰ সংগ্রহৰ পৰিমাণ বৃদ্ধি পোৱা বুলি ছ’চিয়েল মিডিয়াযোগে সদৰী কৰিছে ৷

যোৱা ২০১৮ বর্ষৰ ডিচেম্বৰ মাহতকৈ ২০১৯বর্ষৰ জিএছটি সংগ্রহৰ বৃদ্ধিৰ হাৰ ২০.৭৮ শতাংশ বুলি সদৰী কৰিছে মন্ত্রীগৰাকীয়ে৷

তেওঁ প্রকাশ কৰা তথ্য অনুসৰি যোৱা ডিচেম্বৰ মাহত অসমৰ ৭৩৮.৭৭ কোটি টকা জিএছটি সংগ্রহ হয়৷ ইয়াৰ বিপৰীতে ২০১৮চনৰ ডিচেম্বৰ মাহত এই সংগ্রহৰ পৰিমাণ আছিল ৬১১.৬৯ কোটি টকা৷

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment