অসমীয়া মাধ্যমৰ স্কুলত বাংলাত ফলাফল

কৃষ্ণনগৰ প্রাথমিক বিদ্যালয়ত শিক্ষা বিভাগৰ ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলন তীব্রতৰ হৈ থকাৰ সময়তে শিক্ষা বিভাগৰ ভয়ংকৰ কাণ্ডৰ বাবেই মহানগৰীৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্র–ছাত্রীক বাংলা ভাষাত খতিয়ান পত্র দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ গুৱাহাটীৰ মাজমজিয়াত থকা কৃষ্ণনগৰ প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীক অলপতে বাংলা ভাষাত প্রকাশ কৰা খতিয়ান পত্রত বছৰেকীয়া পৰীক্ষাৰ ফলাফল প্রদান কৰাক লৈ অভিভাৱকৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ বিদ্যালয়খনৰ কণমানি শিক্ষার্থীৰ হাতে হাতে বাংলা ভাষাত প্রস্তুত কৰা খতিয়ান পত্রত ফলাফল লাভ কৰি শিক্ষার্থী আৰু অভিভাৱকসকল হতবাক হৈ পৰে ৷

দুদিন পূর্বে কৃষ্ণনগৰ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষকে কৃস্মিতা কলিতা নামৰ এগৰাকী শিক্ষার্থীক বাংলা ভাষাত প্রকাশ কৰা খতিয়ান পত্রত ফলাফল ঘোষণা কৰে ৷ এই খতিয়ান পত্রত ফলাফল লাভ কৰি অভিভাৱকে বিদ্যালয়ৰ প্রধান শিক্ষকক আপত্তি দর্শোৱাত প্রধান শিক্ষকগৰাকীয়ে প্রাথমিক শিক্ষা বিভাগে প্রদান কৰাৰ বাবেহে বাংলা ভাষাৰ খতিয়ান পত্রত ফলাফল ঘোষণা কৰা বুলি জানিবলৈ দিয়ে ৷ ‘কা’বিৰোধী আন্দোলনৰ মাজতে এনেদৰে বাংলা ভাষাত প্রকাশ কৰা খতিয়ান পত্রত ফলাফল ঘোষণা কৰা বিষয়ক লৈ সর্বত্র প্রতিক্রিয়া সৃষ্টি হৈছে ৷ শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যৰ অদূৰদর্শিতা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই প্রাথমিক শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয়ত বাংলা ভাষাত খতিয়ান পত্র বিতৰণ কৰা বুলিও একাংশ অভিভাৱকে অভিযোগ কৰিছে ৷

কণমানি শিক্ষার্থীৰ হাতে হাতে বাংলা ভাষাৰ খতিয়ান–পত্র দেখি হতভম্ব অভিভাৱক

কেৱল কমিছনৰ অংকৰ বাবেই শিক্ষা গৱেষণা আৰু প্রশিক্ষণ পৰিষদে বহিঃৰাজ্যৰ প্রতিষ্ঠানক প্রকাশৰ দায়িত্ব দিয়াত অসমীয়া ভাষাৰ পৰিৱর্তে বাংলা ভাষাত খতিয়ান পত্র প্রকাশ কৰা বুলি সর্বত্র চর্চা চলিছে ৷ এই সন্দর্ভত প্রাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰাতুল গোস্বামীয়ে কয় যে শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেধৰণৰ ঘটনা ৰাজ্যৰ বিভিন্ন প্রান্তত সংঘটিত হৈছে ৷ নিয়ম অনুসৰি শিক্ষা বিভাগে বছৰৰ আৰম্ভণিতে খতিয়ান পত্র বিদ্যালয়সমূহক প্রদান কৰিব লাগে ৷ কিন্তু বিভাগীয় কর্তৃপক্ষই বিদ্যালয়সমূহক নৱেম্বৰ মাহতহে এই খতিয়ান পত্র প্রদান কৰে ৷ অসমীয়া আৰু বাংলা দুয়োটা মাধ্যমতে বিদ্যালয় আছে যদিও বিভাগীয় বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বাংলা ভাষাত ফলাফল প্রকাশ কৰা বিষয়টো শিক্ষামন্ত্রী সিদ্ধার্থ ভট্টাচার্যই কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

Featured
Comments (0)
Add Comment