অসমৰ এখন ভিতৰুৱা গাঁৱত কি কৰিছে আমেৰিকাৰ পৰ্যটকে?

পিন্ধিছে অসমীয়া সাজ, সোৱাদ লৈছে থলুৱা খাদ্যৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ এখন ভিতৰুৱা গাঁও মধুপুৰ। এই মধুপুৰ গাঁওখন এতিয়া বিখ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চাহৰ বজাৰখনত। গাঁওখনৰে বাসিন্দা গোবিন হাজৰিকাৰ ঘৰত বিগত কেইবাদিনো ধৰি আলহী হিচাপে আছে পৰ্যটক দম্পতী যোচেফ-মাৰ্ছেলাসহ দুই বন্ধু। সুদূৰ আমেৰিকাৰ পৰা অহা পৰ্যটককেইগৰাকীয়ে অসমীয়া সাজপাৰ পৰিধান কৰি গাঁৱৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে সোৱাদ লৈছে অসমৰ চাহৰ।গোবিন হাজৰিকাই জৈৱিক পদ্ধতিৰে উৎপাদন কৰিছে চাহ। মীন-মোহন জৈৱিক চাহ বাগানৰ স্বত্ত্বাধিকাৰী গোবিন হাজৰিকাই কেঁচা চাহপাত কেৰাহীত ভাজি, ঢেঁকীত খুন্দি উৎপাদন কৰে জৈৱিক চাহ আৰু এই চাহে সমাদৰ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত। অসমৰ জৈৱিক চাহৰ বাবেই লখিমপুৰৰ মধুপুৰ গাঁবত উপস্থিত হৈছেহি আমেৰিকাৰ পৰ্যটককেইগৰাকী। বিদেশত গ্ৰীণ টি, ৱ্লেক টি-এ লাভ কৰিছে সুকীয়া সমাদৰ। এই ক্ষুদ্ৰ উদ্যোগটোৰ জড়িয়তে আমেৰিকাতো সৃষ্টি হ’ব এখন বজাৰ এই মন্তব্য পৰ্যটক যোচেফৰ। 

গোবিন হাজৰিকা

বহু সময়ত উচিত মূল্য নোপোৱাত ক্ষুদ্ৰ চাহ ব্যৱসায়ীয়ে প্ৰতিবাদ কৰি অহাৰ লগতে এখন বজাৰৰো দাবী কৰি আহিছিল। এনে ক্ষেত্ৰত বহু ব্যৱসায়ীৰ বাবে গোবিন হাজৰিকা পদ পদৰ্শক হৈ ৰ’ব।

 

বিদেশত সমাদৃত জৈবিক চাহ
Comments (0)
Add Comment