অসমৰ এজন আক্ৰান্তৰ এটা ভাইৰেল WhatsApp ষ্টেটাছঃ আদৰ্শ লওক সকলো আক্ৰান্তই

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ  নিজামুদ্দিন কাণ্ডই দেশত ভয়ংকৰ হাৰত বিয়পাইছে প্ৰাণঘাতী ন’ভেল ক’ৰোনা ভাইৰাছ । কিন্তু নিজামুদ্দিন মাৰ্কাজলৈ নোযোৱাকৈয়ে অসমত এজন ৰোগী আক্ৰান্ত হৈছে এই মাৰাত্মক ভাইৰাছত ।

পিচে অসমত শুকুৰবাৰে নিশা আক্ৰান্ত লোকজনে দেখুৱাইছে সচেতনতাৰ এক সুন্দৰ নিদৰ্শন । কিয়নো মনীষ তিব্ৰেৱাল নামৰ আক্ৰান্ত লোকজনৰ এটা হোৱাটছএপ ষ্টেটাছে এতিয়া সকলোকে দুগুণে সজাগ আৰু সচেতন কৰি তুলিছে ।

এই হোৱাটছএপ ষ্টেটাছত মনীষ তিব্ৰেৱালে নিজৰ শৰীৰত কভিড-১৯ পজিটিভ ওলোৱাৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক সতৰ্ক কৰে । লগতে বিগত ২ টা সপ্তাহৰ ভিতৰত যিসকল লোকে তেওঁৰ সংস্পৰ্শলৈ আহিছিল সকলোকে কোৱাৰেণ্টাইন হ’বলৈও আহ্বান জনায় ।

(ফটো উৎসঃ ছ’চিয়েল মিডিয়া)

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment