অসমৰ ক্ৰীড়াপ্ৰেমী ৰাইজ খেলৰ পূজাৰীঃ মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ক্ৰীড়াৰ জৰিয়তে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ গঢ় দিব পৰা যায় । সেয়েহে খেলো ইণ্ডিয়া, ২০২০ৰ এই ক্ৰীড়াই ৰাজ্যবাসীৰ মাজলৈ কঢ়িয়াই আনিব ভাতৃত্ব আৰু সম্প্ৰীতি । এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । শুকুৰবাৰৰ পৰা গুৱাহাটীৰ সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত আৰম্ভ হোৱা পৰা গুৱাহাটীৰ সৰুসজাইৰ ক্রীড়া প্রকল্পত আৰম্ভ হোৱা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ শুভাৰম্ভ কৰি এই মন্তব্য প্রকাশ কৰাৰ লগতে তেওঁ কয়– ক্রীড়াৰ জৰিয়তে আমাৰ ছাত্র–ছাত্রীসকলে ব্যক্তিত্ব, প্রতিযোগিতামুখী মানসিকতা, নির্ভীকতা উজ্জীৱিত কৰি তুলিবলৈ সমর্থ হ’ব৷ ১৩ দিনীয়া এই ক্রীড়া সমাৰোহৰ জৰিয়তে দেশৰ ভিন্ন প্রান্তৰ পৰা অহা খেলুৱৈ, খেল সংগঠক আৰু ক্রীড়াৰ লগত জড়িত সকলোৱে অসমৰ ৰাইজৰ পৰা মৰম–চেনেহ লাভ কৰিবলৈ সক্ষম হ’ব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে অসম তথা উত্তৰ–পূর্বাঞ্চলত ক্ষিপ্র উন্নয়ন সম্ভৱ হৈ উঠিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে গ্রহণ কৰা পদক্ষেপৰ বাবে৷ প্রধানমন্ত্রী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতেই নৰেন্দ্র মোদীয়ে দেশৰ যুৱ প্রজন্মক খেলৰ প্রতি ধাউতি বৃদ্ধি কৰাৰ বাবে পদক্ষেপ  গ্রহণ কৰি আহিছে৷ দেশত এতিয়া যুৱ প্রজন্মৰ খেলৰ প্রতি অনুৰাগ বৃদ্ধি পাইছে৷ সেয়েহে ৰাজ্য চৰকাৰেও খেলক প্রাধান্য দি ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয়– গুৱাহাটীক ক্রীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰাজ্যিক ক্রীড়া নীতি গ্রহণ কৰিছে৷ এই ক্রীড়া নীতি অনুসৰি অলিম্পিক, এছিয়াডকে ধৰি আন্তঃৰাষ্ট্রীয় খেলৰ পর্যায়ত গৌৰৱ কঢ়িয়াই অনা খেলুৱৈসকলক নগদ ধন প্রদানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে আৰু ইয়াক কার্যকৰী কৰা হৈছে৷ ইতিমধ্যে অনিৰুদ্ধ দেৱ নামৰ এখন ক্রীড়া বিশ্ববিদ্যালয়, অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ্যিক ক্রীড়া বিশ্ববিদ্যালয়, আর্চাৰী, ফুটবল একাডেমী গঢ় দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে পুনৰ কয়– গুৱাহাটীৰ বুকুত ইতিমধ্যে ৰাষ্ট্রীয় তথা আন্তঃৰাষ্ট্রীয় খেল প্রতিযোগিতা সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমৰ ৰাইজ খেলৰ পূজাৰী৷ সেয়েহে ক্রীড়াৰ ক্ষেত্রখনক আগুৱাই নিয়াৰ বাবে কেন্দ্র আৰু ৰাজ্য চৰকাৰে সহযোগিতাৰে কাম কৰি আহিছে৷ ইয়াৰ পূর্বে খেলো ইণ্ডিয়া, ২০২০ উদ্বোধনী অনুষ্ঠানৰ আদৰণী ভাষণ প্রদান কৰে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই৷ অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রালয়ৰ ৰাজ্যিক (স্বতন্ত্র) মন্ত্রী কিৰেণ ৰিজিজুৱে কয় যে এই ক্রীড়া প্রতিযোগিতাই গুৱাহাটী মহানগৰীক দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত বিশেষ অৰিহণা যোগাব৷ খেলো ইণ্ডিয়া, ২০২০ৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ প্রদান কৰি ৰিজিজুৱে ইয়াকো কয় যে গুৱাহাটীক দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে সকলো সহায়–সহযোগিতা আগবঢ়াব৷ খেলো ইণ্ডিয়া, ২০২০ৰ ইতিহাসত গুৱাহাটীৰ আয়োজন সর্ববৃহৎ৷ এই প্রতিযোগিতাৰ জৰিয়তে লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত ভাৰতে বিশ্বৰ ১০খন ৰাষ্ট্রৰ ভিতৰত স্থান লাভ কৰাৰ বাবে চেষ্টা চলাব৷

Featured
Comments (0)
Add Comment