আইএফএছ অভিজিৎ ৰাভাৰ গুৱাহাটী–ডিফুৰ ঘৰত তালাচী

৬ লাখ টকা, ৫০টা ৱাকীটকী জব্দ দুর্নীতি নিবাৰকৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ আয়–বহির্ভূত ধন আহৰণ কৰাৰ অভিযোগ থকা কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক অভিজিৎ ৰাভাৰ ডিফুৰ চৰকাৰী বাসভৱন আৰু কার্যালয়ত শুকুৰবাৰে দুপৰীয়াৰ পৰা অসম আৰক্ষীৰ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই অভিযান চলায়৷ সমান্তৰালভাৱে শীর্ষ বন বিষয়াগৰাকীৰ গুৱাহাটীৰ ৰাজগড়ত ২নং উপ–পথত থকা বাসভৱনতো তদন্তকাৰী সংস্থাটোৰ ৬জনীয়া দল এটাই একে সময়তে তালাচী চলায়৷ নিশা পর্যন্ত কেইবাঘণ্টা ধৰি চলা এই তালাচী অভিযানৰ সময়ত বন বিভাগৰ কার্যালয়, চৰকাৰী বাস ভৱন আৰু গুৱাহাটীৰ বাসগৃহত অভিজিৎ ৰাভা উপস্থিত নাছিল৷ তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰ সূত্রই জনোৱা মতে, তালাচীৰ সময়ত তদন্তকাৰী বিষয়াই আই এফ এছ বিষয়াগৰাকীৰ বাসগৃহৰ পৰা বেংক একাউণ্ট, এল আই চিৰ নথিপত্র, ৪টা লেপটপ, মোবাইল ফোন, প্রায় ৬ লাখ টকা আৰু ৫০টা ৱাকীটকী জব্দ কৰে৷ দুর্নীতি নিবাৰক শাখাৰ সূত্রটোৱে জনোৱা মতে, বন বিষয়া অভিজিৎ ৰাভাই ২০১১ চনৰ পৰা ২০১৬ চনলৈ বেংকৰ একাউণ্টত প্রায় ৪.১২ কোটি টকা জমা কৰি ৰাখিছিল৷ সেই সময়ত অভিজিৎ ৰাভাই কার্বি আংলঙৰ বন বিভাগৰ অতিৰিক্ত মুখ্য বন সংৰক্ষক হিচাপে কার্যনির্বাহ কৰিছিল৷ এই তথ্য লাভ কৰাৰ পিছত ৰাজ্য চৰকাৰৰ নির্দেশত তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাই তদন্ত প্রক্রিয়া আৰম্ভ কৰে৷ তদন্তৰ সময়ত অভিজিৎ ৰাভাই ২০১১ চনৰ পৰা ২০১৭ চনৰ ভিতৰত ডিফুৰ এইচ ডি এফ চি বেংকৰ শাখা আৰু গুৱাহাটীত এক্সিছ বেংকৰ শাখাত ১ লাখৰ পৰা ৯১ লাখ টকা নিজৰ একাউণ্টত জমা ৰাখে৷ ইমান পৰিমাণৰ ধন বেংকত জমা ৰখা সন্দর্ভত তদন্তকাৰী বিষয়াই অভিজিৎ ৰাভাক সোধা–পোছা কৰাত তেওঁ কামৰূপ জিলাৰ ৰাণীৰ পাজিবিন্ধা গাঁৱত ১৮ বিঘা ২ কঠা আৰু ৪ লেচা মাটিত ব্রুকলি খেতি কৰে আৰু ব্রুকলি বিক্রী কৰি ৪৫ লাখ টকা লাভ কৰা বুলি জনায়৷ অৱশ্যে বেংকত থকা বাকী ধনৰ আয়ৰ উৎসৰ বিষয়ে একো ক’ব নোৱাৰিলে৷ পৰৱর্তী সময়ত দুর্নীতি নিবাৰক শাখাৰ বিষয়াই তদন্ত অব্যাহত ৰাখে আৰু ৰাণীত পাজিবিন্ধা গাঁৱত ব্রুকলি খেতি কৰি ধন আহৰণ কৰা বুলি অভিজিৎ ৰাভাই কোৱা কথা সম্পূর্ণ মিছা আছিল বুলি নিশ্চিত হয়৷ ইয়াৰ পিছতো অভিজিৎ ৰাভাই বেংকত জমা ৰখা ধন ক’ৰ পৰা আহৰণ কৰিছে, সেই সন্দর্ভত নথিপত্র দাখিল কৰিবলৈ তদন্তকাৰী বিষয়াই বন বিষয়াজনক সুযোগ দিয়ে৷ কিন্তু বন বিষয়াগৰাকীয়ে এইক্ষেত্রত দুর্নীতি নিবাৰক শাখাক সহযোগ নকৰিলে৷ ইয়াৰ পৰাই প্রমাণ হয় যে আই এফ এছ বিষয়া অভিজিৎ ৰাভাই ২০১১ চনৰ পৰা ২০১৭ চনলৈ অবৈধ প্রক্রিয়াৰে প্রায় ৪.১১ কোটি টকা বেংকত জমা কৰিছিল৷ এনে প্রেক্ষাপটত দুর্নীতি নিবাৰক শাখাই দুর্নীতি প্রতিৰোধ আইন ১৯৮৮ৰ অধীনত ১৩(১)(বি)/১৩(২) ধাৰাত অভিজিৎ ৰাভাৰ বিৰুদ্ধে ১/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে আৰু বিশেষ ন্যায়াধীশৰ আদালতৰ অনুমতি লৈ দুর্নীতি নিবাৰক শাখাৰ তিনিটা দলে আজি অভিজিৎ ৰাভাৰ সন্ধানত তালাচী অভিযান চলায়৷

Featured
Comments (0)
Add Comment