আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ফেব্রুৱাৰী, মাঘ মাহৰ ২৬ তাৰিখ

মেষঃ যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷
বৃষঃ কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷ দাম্পত্যত শুভ ফল৷ ব্যৱসায়ত টকা খটুৱালে লাভৰ কাৰকতা৷ প্রেমত বাধা আঁতৰিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মিথুনঃকর্মক্ষেত্রত সহকর্মীৰ মতামতক প্রাধান্য নিদিব৷ আর্থিক লেনদেনত গুৰুজনৰ পৰামর্শ লোৱাটো বাঞ্ছনীয়৷ অভিনেতা–ভিনেত্রীসক কার্যদক্ষতা হ্রাস পাব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬৷
কর্কটঃ নিবনুৱা ব্যক্তিসকলৰ কর্মপ্রাপ্তিৰ যোগ৷ ভাবি থকা কামত বাধাৰ কাৰকতা৷ দেহ ভাব স্বাভাৱিক৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
সিংহঃ অভিনৱ পৰিকল্পনাৰ সুদক্ষ ৰূপায়ণ আৰু মান–সন্মান বৃদ্ধি৷ কর্ম আৰু ধর্মত সমভাৱে আসক্ত হ’ব পাৰে৷ দাম্পত্য সম্পর্ক শুভ৷ ধন ভাব যথাযথ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কন্যাঃ কর্মত অগ্রিম পদোন্নতি৷ মনোবল বৃদ্ধি আৰু উদ্যোগ প্রতিষ্ঠাৰ চেষ্টা৷ পুত্র বা কন্যাৰ পৰা ক্ষয়–ক্ষতিৰ আশংকা৷ সম্ভাব্য স্থলত অপত্য লাভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷
তুলাঃ প্রয়োজনীয় আৰু অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব৷ কিন্তু সামগ্রিকভাৱে সমগ্র দিনটোত অনুকূল প্রভাৱ পৰিব৷ বুদ্ধিৰো উন্নত ফল৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷
বৃশ্চিকঃ শৰীৰ ভালেই যাব৷ পাৰিবাৰিক ক্ষেত্রত সু–সংবাদ লাভৰ কাৰক৷ কোনো বিষয়তে ভাবপ্রৱণতা বা ৰুক্ষতা বর্জন কৰাই উচিত৷ ভ্রমণত মধ্যম৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷
ধনুঃ উন্নত সংযোগ৷ ভ্রমণত সাধাৰণ ব্যাঘাত৷ আর্থিকত যিমান আশা কৰিব তাৰ কিয়দংশহে মৃদু পূৰণৰ আশংকা৷ দিনৰ দহ বজাৰ পৰা এঘণ্টা সময় কার্যকৰী৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮৷
মকৰঃ পাৰিপার্শ্বিকৰ পৰা কিছু অশান্তি বা কর্মক্ষতি আদিৰ সম্ভাৱনা আছে৷ নিজৰ অজ্ঞাতে কোনো প্রগতিশীল কর্মত ক্ষতিগ্রস্ত হ’ব পাৰে৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷
কুম্ভঃ মনটো ধীৰে ধীৰে ভালৰ পিনে আহিব৷ ব্যৱসায়ত চিন্তাৰ কাৰণ নাই৷ কর্মস্থান শুভ বুলি ক’ব পাৰি৷ অর্থভাগ্যৰ সুযোগ৷ দাম্পত্য জীৱন মধুৰ হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
মীনঃ অবান্তৰ কথাৰ মাজত কষ্ট পাব৷ যোগাযোগত সুফল কম পাব৷ শৰীৰ সম্পর্কে উদাসতা৷ খৰচ–পাতি বর্জন কৰক৷ উপর্যুপৰি দায়িত্বৰ কাৰক৷ প্রেমত শুভ সংযোগ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷

Comments (0)
Add Comment