আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ জানুৱাৰী, পুহ মাহৰ ২০ তাৰিখ

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষঃ কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব৷ শৰীৰ মধ্যম৷ মূল কথাত মন দিয়ক, কিছু হ’লেও কৃতকার্য হ’বই৷ ভ্রমণৰ সম্ভাৱনা আছে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৪৷
মিথুনঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ–শান্তি দেখা যায়৷ দাম্পত্যতো তেনে আভাস আছে৷ শৰীৰ মধ্যম৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
কর্কটঃ মন ফৰকাল নাথাকিব৷ কর্মক্ষেত্রত অৱশ্যে কিছু দায়িত্ব পৰিবও পাৰে৷ ঘৰুৱা কথাত সামান্য উদাসীনতা৷ ভ্রমণত কষ্ট৷ নিজৰ ৰুচিৰ কামত অৱশ্যে পৰিৱর্তন নাপাব৷ বাধা দুই–এটা আছে৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷
সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব৷ ইয়াক কর্মৰ মাজতে ব্যৱহাৰ কৰক৷ পিতৃ–মাতৃৰ বাবে সামান্য চিন্তা৷ দাম্পত্যতো কিছু চিন্তা থাকিব৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৯৷
কন্যাঃ কর্মতৎপৰতা বৃদ্ধি পাব৷ তাৰ পৰা নতুন কর্মচাৰীয়ে প্রশংসিত হ’ব৷ আর্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত৷ দাম্পত্যত মধ্যম৷ সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব৷ বিদ্যাত উন্নতি৷ শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ৮৷
তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ কিন্তু নতুন কিবা এটা কৰি দেখুৱাৰো হাবিয়াস আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
বৃশ্চিকঃ কার্যকৰী সংযোগত অনুকূল৷ আর্থিকতো আশাপ্রদ৷ কিন্তু সাময়িক উৎকণ্ঠা থাকিব৷ মনোবল বঢ়াওক গৃহৰ স্বার্থত কিছুমানত এৰা–ধৰা কৰিব৷ পঢ়াত মধ্যম৷ হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ৯৷
ধনুঃ আর্থিকৰ বাবে কৰা চেষ্টাত সুফল দেখিব৷ আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্রস্তুত থকাটো ভাল৷ বিদ্যাত চিন্তা কম যদিও ব্যস্ততা থাকিব৷ পিছবেলা বিবিধ উন্নতি৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
মকৰঃ উৎকণ্ঠাৰে কটাবলগা হ’ব পাৰে৷ কর্মতো মন চঞ্চল হ’ব পাৰে৷ কোনো খবৰত বৰ সুখী নহ’ব পাৰে৷ আর্থিকতো চিন্তা৷ কিবা নতুন চেষ্টাৰ বাবে মনত সাহস গোটাব পাৰিব৷ প্রেমত শুভ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬৷
কুম্ভঃ পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷
মীনঃ কর্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্রত খুব উৎসাহজনক দেখা নাযায়৷ নিজে ভবামতে সকলো দিশেই দুৱাৰ খোলা নাপাব৷ শৰীৰ সম্পর্কেও সচেতন থাকক৷ ভ্রমণাদিত একেবাৰে অন্যমনস্ক হ’ব৷ দুষ্ট চিন্তা নকৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷

Comments (0)
Add Comment